কল্যাণজ্যোতি বুঢ়াগোহাঁই, শিৱসাগৰ:
দেওবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত অহা এজাক প্ৰচণ্ড ধুমুহাই শিৱসাগৰ চহৰৰ দাতিকাষৰীয়া আখৈফুটীয়া, বাঢ়ৈটিং, আমগুৰিৰ লালিমচিগা, চামগুৰি, নামতি, মিছাজান আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। হৰ্ঠাতে অহা ধুমুহাজাকে আখৈফুটীয়াৰ দিচাংধাই আলিৰ আছুৰ ছহিদ বেদীৰ ওচৰত থকা এডাল প্ৰকাণ্ড গছ ভাঙি পৰি দুখন মটৰচাইকেলত আহি থকা অৱস্থাত দুজন যুৱক গুৰুত্বৰ ভাৱে আহত হয়। প্ৰাপ্ত তথ্য মতে আঘাত প্ৰাপ্ত যুৱক দুজনৰ এজন আখৈফুটীয়াৰ নৱজ্যোতি দাস আনজন ২ নং চাউল কৰা গাঁৱৰ ভাস্কৰ গগৈ। শিৱসাগৰ চহৰৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয়। লগে লগে দুয়োকে স্থানীয় প্ৰগতি নাৰ্চিং হোমলৈ লৈ যোৱা হয় যদিও তেওঁ লোকৰ আঘাট গুৰুত্বৰ ডাক্তৰে দুয়োকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা।
আনহাতে আমালৈ অহা তথ্য অনুসৰি শিৱসাগৰৰ দাতিকাষৰীয়া আমগুৰি, লালিমচাপৰি, চামগুৰি, নামতি, মিছাজান আদি অঞ্চলত ধুমুহাই বিস্তাৰ ক্ষতি সাধন কৰে। ধুমুহাৰ ফলত জাঁজী নাজিৰা সংযোগী ধোদৰ আলিৰ বিভিন্ন স্থানত গছ ভাঙি বিদ্যুতৰ খুটা পৰি যাতায়ত ব্যৱস্থা ব্যাহত কৰি তোলাৰ খবৰ পোৱা গৈছে। নামতিৰ মিছাজান, বাৰোতিয়া আদি অঞ্চলত ধুমুহাই ঘৰৰ টিন উৰুৱাই নিয়াৰ লগতে বিভন্ন স্থানত গছ ভাঙি পৰাৰ খবৰ আহিছে।
- Log in to post comments
- 26 views