ওদালগুৰিৰ পৰা ৰিজুল হক
ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ৰাণীপুখুৰী ভিচিডিচিত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তথ্য এখন সংবাদমেলত ফাদিল কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসমে।সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈ,সম্পাদক শ্যামন্ত দাস,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বকদুল ইচলাম ,ওদালগুৰি জিলাৰ সভাপতি ৰবীন স্বৰ্গীয়াৰী,উপ -সভাপতি ৰিংচাৰ বাগলাৰীয়ে সংবাদমেলখনত অংশগ্ৰহণ কৰে।ভিচিডিচিৰ চেয়াৰমেন আখটাৰা পাৰবিনৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত হোৱা ব্যাপক দুৰ্নীতি ফাদিল কৰে সংবাদমেলখনত।
- Log in to post comments
- 49 views