ব্যাপক নিৰ্বাচনী হিংসা সংঘটিত হোৱালৈ লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ বৃহস্পতিবাৰে নিশা ১০ বজাতে বন্ধ কৰি দিছে।এদিন আগুৱাই এনেদৰে নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰাৰ বাবে কংগ্ৰেছকে ধৰি বিৰোধী দলৰ কেইবাজনো শীৰ্ষ নেতাই প্ৰৱল আপত্তি প্ৰদৰ্শন কৰিছে।
বিৰোধী নেতাসকলে প্ৰশ্ন কৰিছে যদি নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লগা আছিল,তেন্তে প্ৰধানমন্ত্ৰী মোডীৰ বৃহস্পতিবাৰৰ প্ৰচাৰ সভা শেষ হোৱালৈকে কিয় অপেক্ষা কৰিলে?মঙলবাৰে অশান্তি হোৱাৰ দিনাই কিয় প্ৰচাৰ বন্ধ কৰি নিদিলে ?
- Log in to post comments
- 11 views