নিউজ ডেস্ক :
দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ অপেক্ষাৰ মাজতেই অসম বিজেপিত এতিয়া আৰম্ভ হৈছে জুন মাহত খালি হব লগা ৰাজ্যসভাৰ আসন দুখনৰ বাবে কাক কাক নিৰ্বাচন কৰিব তাৰেই ব্যাপক জল্পনা কল্পনা। দলটোৰ পৰা ৰাজ্যসভালৈ যাবলৈ বহু কেইজন প্ৰাক্তন, সদ্য সাংসদ আৰু বিধায়কে কুচকাৱাজ আৰম্ভ কৰি দিছে যদিও দলীয় নেতৃত্বই এই ক্ষেত্ৰত এতিয়ালৈ একো মুকলিকৈ প্ৰকাশ কৰা নাই।
দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই এইক্ষেত্ৰত ভিতৰি ভিতৰি ব্যাপক গুণাগঁথা চলাই থকা বুলি জানিব পৰা গৈছে। দলটোৰ এক ভিতৰুৱা সূত্ৰৰ খবৰ মতে দলটোৰ পৰা এখন আসনত ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱাৰ বাবে ব্যপকভাবে উচ্চাৰিত হৈছে ক্ষমতাশালী মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম। বিজেপিৰ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি লোকসভা নিৰ্বাচনত অসমৰ যিকোনো এটা সমষ্টিৰ পৰা দলৰ হৈ নিৰ্বাচন খেলাৰ মন মেলাৰ পাছতো কেন্দ্ৰীয় নেতৃত্বই একমাত্ৰ দলৰ প্ৰচাৰৰ স্বাৰ্থত মন্ত্ৰী গৰাকীক লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটোত সমৰ্থন কৰা নাছিল।
কিন্তু শেহতীয়াভাবে লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় নেতৃত্বইয়ো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যসভালৈ অসমৰ যিকোনো এখন আসনৰ পৰা নিৰ্বাচিত কৰি আনি কেন্দ্ৰীয় কেবিনেটত এক দায়িত্ব অৰ্পণ কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত এতিয়ালৈকে কোনো কথা আনুষ্ঠানিক ভাৱে দলটোৰ কেন্দ্ৰীয় বা ৰাজ্যিক নেতৃত্বই প্ৰকাশ কৰা নাই যদিও দলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংসদ হিচাপে ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ ব্যাপক কুচকাৱাজ যে চলিছে সেয়া কিন্তু নিশ্চিত।
ইফালে এই প্ৰসংগত এতিয়াও সম্পূৰ্ণ মৌন হৈ আছে ডঃ হিমন্ত বিশ্ব শৰ্মা। লোকসভালৈ যোৱাৰ কুচকাৱাজ কৰিও অন্তিম মুহূৰ্তত দলীয় হাইকামণ্ডৰ পৰা গ্ৰীণ চিগনেল পাবলৈ সক্ষম নোহোৱা ডঃ শৰ্মাই যেন এইবাৰ আকৌ এইবোৰৰ চৰ্চাত সোমাব খোজা নাই। লোকচক্ষুৰ আৰ লৈ অতি সন্তৰ্পৰণে দিল্লী যোৱাৰ বাট প্ৰশস্ত হোৱালৈকে যেন আপেক্ষা কৰিছে ডঃ শৰ্মাই। ইফালে হিমন্ত বিশ্ব শৰ্মাৰ পাছতে ৰাজ্যসভাৰ অন্যখন আসনৰ বাবে দিল্লীৰ সৈতে অহা যোৱা চলিছে দলটোৰ কেইগৰাকীও প্ৰাক্তন সাংসদ, বিধায়কৰ লগতে সদ্য প্ৰাক্তন লোকসভাৰ নিৰ্বাচনৰ টিকট বঞ্চিত সাংসদৰ।ইয়াৰ ভিতৰত আছে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু নগাঁওৰ সাংসদ ৰাজেন গোহাঁইৰ নাম সৰ্বাধিক চৰ্চাত আছে।
ইফাল লোকসভাৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা কৰা অগপ দলেও মিত্ৰতা চুক্তি অনুসৰি, তেওঁলোকৰ ভাষাত 'জেণ্টেলমেনছ এগ্ৰিমেণ্ট'ৰ দোহাই দি ৰাজ্যসভাৰ যিকোনো এখন আসন তেওঁলোকে পাব লাগে বুলি দাবী কৰিছে।এইক্ষেত্ৰত যদি অগপ দলক এখন আসন বিজেপিয়ে এৰি দিয়ে তেন্তে বিজেপিৰ কোনো প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ বাট ৰুগ্ধ হোৱাটো নিশ্চিত।
- Log in to post comments
- 98 views