নিউজ ডেস্ক:
আজি অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্যালয়ত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু অসম মহিলা পৰিষদৰ যৌথ সভা অনুষ্ঠিত হয়।সভাত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা উপস্হিত থাকি দলৰ সাংগঠনিক ভেটি আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত মত পোষণ কৰে।বুথ ,শাখা ,আঞ্চলিক ,জিলা পৰ্যায়ত আৰু অধিক সদস্য ভৰ্তি কৰি দলটোক শক্তিশালী কৰাৰ বাবেও দলীয় কৰ্মীসকলক আহ্বান জনায়।
সভাত উপস্হিত থাকে অগপ নেতা মনোজ শইকীয়া ,অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকা ,কাৰ্যকৰী সভাপতি তপন দাস,অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতা।সভাত উপস্হিত থকা সকলোৱে অগপ দলৰ সভাপতি অতুল বৰাৰ প্ৰতি আস্হা প্ৰকাশেৰে দলটো ভৱিষ্যতে অধিক আগবাঢ়ি যাব বুলি উল্লেখ কৰে।
আনহাতে, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰ্ণৱ ভৰালীয়ে কয় যে অতুল বৰা দলৰ সভাপতি হোৱাৰ পিছৰে পৰা পূৰ্বতকৈ দলটো অধিক শক্তিশালী হৈছে।লগতে এটি কবিতাৰ ভাষাৰে কয়-'সূৰ্যমুখী ফুল কাৰো ফলীয়া নহয় ,যি ৰোৱে তাৰেই ফলিয়া।জুই কাৰো ফলীয়া নহয় ,যি জ্বলায় তাৰেই ফলিয়া।অতুল বৰাৰ কথা হ'লে সুকীয়া, অতুল বৰা সাধাৰণ দলীয় কৰ্মীৰ ফলীয়া।'
- Log in to post comments
- 35 views