তৃণমূলৰে সংঘাত:যাদৱপুৰত সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ল অমিত শ্বাহক

amit

পশ্চিম বংগত অব্যাহত আছে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ তীব্ৰ ৰাজনৈতিক সংঘাত।এইবাৰ বিজেপি অধ্যক্ষ অমিত শ্বাহক যাদৱপুৰ লোকসভা সমষ্টিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া নহ'ল।সোমবাৰে ২৪ পৰিগণা জিলাৰ যাদৱপুৰত অমিত শ্বাহে দুপৰীয়া ১২-৩০ বজাত সভা সম্বোধন কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত অনুমতি বাতিল কৰা হয়।আনকি শ্বাহৰ হেলিকপ্টাৰ অৱতৰণৰো অনুমতি দিয়া নহ'ল।উল্লেখ্য যে ১৯ মে'ত পশ্চিম বংগৰ ৯টা সমষ্টিত ভোটগ্ৰহণ হ'ব।

Your Comments