কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰৰ প্ৰতিবেদন :
নগাঁও জিলাৰ বন সংমণ্ডলৰ অধীনৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ পৰিসীমাৰ ভিতৰৰ ধোল পাহাৰৰ শিলৰ মহলত আজি পুনৰ বিস্ফোৰণ ঘটোৱাৰ ফলত দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা গঞাৰ মাজত তীব্র আতঙ্কৰ সৃষ্টি হয়। ধোল পাহাৰবাসী গঞাঁই জানিবলৈ দিয়া মতে শিলৰ বিস্ফোৰণৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ ফলস্বৰূপে যোৱা ২৯ মাৰ্চৰ পৰা ব্লাষ্টিং বন্ধ হৈ আছিল যদিও আজি পুনৰ ধোল পাহাৰৰ শিলৰ মহলদাৰ বিশ্বজিৎ বণিকে বন বিভাগৰ একাংশ শীৰ্ষ মহলক মেনেজ কৰি পুনৰ বিস্ফোৰণ ঘটোৱাৰ ফলত সমগ্ৰ অঞ্চলটোতে তীব্র জোকাৰণিৰ সৃষ্টি হয়।
শিলৰ মহলত বিস্ফোৰণ ঘটোৱাৰ ফলত শিলৰ টুকুৰা বহু দূৰলৈ ছিটিকি পৰি ৰাইজৰ ঘৰ দুৱাৰৰ ক্ষতি কৰাৰ লগতে আতঙ্কিত কৰি তোলে মানুহৰ লগতে ঘৰচীয়া জীৱ জন্তু সমূহকো। জানিব পৰা মতে সমীপৱৰ্তী ঘৰ দুৱাৰ একাংশত ডাঙৰ- সৰু বিভিন্ন আকাৰৰ বল্ডাৰ চিটিকি পৰাত কেইবাটাও ঘৰৰ ক্ষতি সাধনো হয়। এই লৈ অঞ্চলটোত বিৰাজ কৰে তীব্ৰ উত্তেজনায় ।
উল্লেখ্য যে বিগত ২৮ মাৰ্চত উক্ত শিলৰ মহলটোত শিল বিস্ফোৰণ ঘটোৱাত স্থানীয় লোকৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে কথমপি কেইবাটাও শিশু মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। উক্ত ঘটনাৰ পিছতেই স্থানীয় ৰাইজে চামগুৰি আৰক্ষী থানাত মহলদাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে নগাঁও বন সংমণ্ডল বিষয়াক লিখিত ভাৱে অভিযোগ দাখিল কৰিছিল ।
পৰবৰ্তী সময়ত মহলটোৰ বিস্ফোৰণ তথা শিল ভঙা কাৰ্য প্ৰশাসন তথা বন বিভাগে বন্ধ কৰি দিছিল যদিও আজি পুনৰ বিয়লি বিস্ফোৰণ সংঘটিত কৰাত স্থানীয় লোকৰ মাজত হুৱা-দুৱা লাগে। একাংশ শীৰ্ষ বন বিষয়াক মেনেজ কৰি পাহাৰ খনত পুনৰ শিলৰ বিস্ফোৰণ আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে ।
- Log in to post comments
- 50 views