নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা, ৩০ এপ্ৰিল
ফাগুনে লঠঙা কৰা ডালবোৰত/ কুমলীয়া কুঁহিপাতৰ/ ৰঙচুৱা ৰংটোৱে/ চ'ত-ব'হাগৰ শোভা বঢ়ালে......
শিমলুফুলা ফাগুনে মেলানি মগাৰ পিছত আহিল গছত কুঁহিপাত মলিওৱাৰ লগতে কপৌ-তগৰ ফুলা বতৰ । আজি ব'হাগৰ ১৬দিন উকলিল ।পিছে মন-প্ৰাণ উতলা কৰা ব'হাগ মাহতে বিবাহখন পাতিবলৈ মানসিকভাৱে সাজু হ'ব পৰা নাই নগাঁও জিলাৰ কাছমাৰী, হাতীচোং, পাখিমৰীয়া আৰু জাগীয়াল মৌজাৰ যুৱ শক্তিৰ গৰিষ্ঠ অংশ ।
চাকৰিৰ মহঙা বজাৰত এটা সংস্থাপন অবিহনে ২৫ ৰ পৰা ৪০ বছৰ বয়স পাৰ কৰা নিবনুৱা যুৱক সকলে বিবাহৰ দায়িত্ব কান্ধ পাতি লয়েইবা কেনেকৈ ? বিবাহ ঋতু ৰূপে পৰিচিত ব'হাগ--জেঠ মাহতো নগঞা যুৱকসকলৰ হৃদয়ত স্পদন জাগিছে যদিও বিয়াখন নাপাতে । পৰিয়াল,আত্মীয়-স্বজনেও জোৰ কৰি থাকিলেও তেওঁলোক আগ নাবাঢ়ে । সন্মতি প্ৰকাশ নকৰে বিয়া খন পাতিবলৈ । কোনো যুক্তি, কোনো ধৰণৰ দাবী-আপত্তিয়ে যেন তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে । প্ৰকৃততে নিবনুৱা যুৱকসকলৰ ভয় হ'ল এটাই, সংস্থাপন নোহোৱাকৈ লোকৰ অন্য এজনী ছোৱালী কাষ চপাই কেনেকৈ ।
নগাঁও জিলাৰ কাছমাৰী, হাতীচোং,পাখিমৰীয়া আৰু জাগীয়াল মৌজাৰ অন্তৰ্গত সহস্ৰাধিক ২৫ৰ পৰা ৪০ বছৰ বয়সৰ উৎপল,পিকু, জীৱন,মৃগেন,প্ৰাঞ্জল,ৰঞ্জন ডেভিদ,জিতু,তপন,বিভূতি আদি নামৰ বিবাহ উপযুক্ত যুৱকে আত্ম সংস্থাপনৰ অভাৱতেই জীৱনৰ এটা ডাঙৰ উৎসৱ 'বিবাহ'ৰ পৰা বিৰত আছে । মাথো উপঢৌকন দিব নোৱাৰাৰ বাবেই চাকৰিৰ পৰা বঞ্চিত হৈ থাকিব লগীয়া হোৱাৰ লগতে এনে পৰিপ্ৰেক্ষিতত কোনো বেংকৰ পৰা ঋণ আদি লৈয়ো ব্যৱসায়-বাণিজ্যত আগবাঢ়িব নোৱাৰাৰ বিষয়ে এই প্ৰতিনিধিক দুখেৰে জনালে চাৰি মৌজাৰ বহুকেইজন অবিবাহিত দৰিদ্ৰ শিক্ষিত নিবনুৱাই ।
তদুপৰি শেহতীয়াকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিডাগ, জনসংযোগ বিভাগ,শক্তি বিভাগত হোৱা দুৰ্নীতি তথা অনিয়মৰ বিষয়ে তেওঁলোকক চিন্তিত কৰি তোলে । খেতি-বাতি কৰিবলৈ অৰ্থৰ অভাৱ । ইতিমধ্যে বহুকেইটা বসন্ত পাৰ হৈ গ'ল তেওঁলোকৰ জীৱনৰ পৰা । বিবাহৰ সপোন যেন ক্ৰমাৎ ধুলিসাৎ হৈ গৈছে নিবনুৱাসকলৰ মনৰ পৰা । এয়া চাৰি মৌজাৰ বহুকেইজন উচ্চ শিক্ষিত যুৱকৰ মনৰ কথা ।
সেয়ে যিকোনো এটি সংস্থাপন পালে ৪০বছৰ বয়সৰ পিছতো জীৱনৰ এটি পবিত্ৰ কৰ্ম 'বিয়া'খন পাতিব পাৰিব বুলি আশা ৰাখিছে বুলি এই প্ৰতিনিধিৰ আগত মত প্ৰকাশ কৰিছে ।
- Log in to post comments
- 90 views