কামপীঠ হাইস্কুলত ৰঙালী বিহু উদযাপন

naren sarma

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন,৩০ এপ্ৰিল:

ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ জনপ্ৰিয় শিক্ষানুষ্ঠান কামপীঠ হাইস্কুলৰ শিক্ষক কৰ্মচাৰী তথা ছাত্ৰছাত্ৰী সকলে লগ হৈ যোৱা ২৯ এপ্ৰিলত দিনজোৰা কাৰ্য্যসূচীৰে ৰঙালী বিহু উদযাপন কৰে৷ সেইদিনা পূৱা পতাকা উত্তোলন,গছপুলি ৰোপনৰ  পিচতে ছাত্ৰ -ছাত্ৰীৰ মাজত খেল -ধেমালি প্ৰতিযোগিতা, গীত- মাত, কবিতা আবৃত্তি আদিৰ লগতে বিভিন্ন মনোৰঞ্জন মূলক কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ইয়াৰ আগতে যোৱা ১৯ এপ্ৰিলত ছাত্ৰছাত্ৰীৰ মাজত শ্ৰেণীগত ভাবে ৰঙালী,ভোগালী আৰু কঙালী বিহু শীৰ্ষক এলানি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰে৷ বিদ্যালয় খনৰ শিক্ষক ৰামচন্দ্ৰ কলিতাই জনাই যে ছাত্ৰছাত্ৰী সকলক বিহুৰ বিষয়ে সাম্যক জ্ঞান দিয়াৰ বাবে এনেদৰে বিহু উদযাপন কৰা হৈছে৷

নৰেন শৰ্মা(ফটো আছে)

Your Comments