কেনেকৈ সুদীৰ্ঘ ১৩ বছৰৰ পিছত তেওঁ উভতি আহিল ঘৰলৈ?

kampur

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা

মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে…'।হয়,ভূপেনদাৰ এই কালজয়ী গীতটোৱে পলে পলে সোঁৱৰাই দিয়ে পৃথিৱীত মানৱতা হেৰাই যোৱা নাই ।যান্ত্ৰিক যুগৰ ব্যস্ততাময় সময়বোৰৰ মাজতো কিছু মানুহে মানুহৰ বাবে কিবা কৰাৰ হাবিয়াস বুকুত বান্ধি লৈ ফুৰে।এনে এক ঘটনাই ঘটিছে নগাঁও জিলাৰ কামপুৰৰ মনোহৰ গাঁৱত ।১৩ টা বছৰৰ আগতে নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উক্ত মনোহৰ গাঁৱৰ ঘৰৰ পৰাই নিৰুদ্দেশ হোৱা এজন লোক কেইজনমান মানৱদৰদী লোকৰ বাবেই সুস্থ শৰীৰেৰে  নিজ ঘৰত আহি উপস্থিত হয়হি ।অতুল হাজৰিকা নামৰ লোকজন গাওঁখনত এনেদৰে আকস্মিকভাৱে উপস্থিত হোৱাত আনন্দৰ বন্যা বৈছে গাওঁবাসীৰ মাজত।kampur

সন্ধানহীন হৈ পৰাৰ পিছত মানসিকভাৱে ৰুগীয়া লোকজনক চুৰাটৰ 'মানৱ সেৱা সংস্থা' নামৰ এটা সংস্থাই পথৰ কাষত অসুস্থ অৱস্থাত পাই চিকিৎসাৰ ব্যৱস্থা কৰিছিল।অসুস্থ অতুল হাজৰিকাই পাহৰি পেলাইছিল ঘৰৰ ঠিকনা।দীৰ্ঘদিনৰ চিকিৎসাৰ পিছত কেইদিনমান পূৰ্বে হাজৰিকাই সংস্থাটোৰ সদস্যৰ অাগত অৱগত কৰিছিল যে তেওঁৰ ঘৰ অসমৰ কামপুৰত।তাৰ পাছতেই  মানৱ সেৱা সংস্থাই ব্যক্তিজনক গতাই দিয়ে মুম্বাইৰ 'শ্ৰদ্ধা ৰিহেবিলিটিচন ফাউণ্ডেচন' নামৰ এটা সংস্থাক।সোমবাৰে এই  সংস্থাটোৰ এজন সদস্যই   লোকজনক পৰিয়ালক গতাই দিয়ে।অাপোন মানুহজনক কাষতে পাই এতিয়া অানন্দত অাত্মহাৰা হৈ পৰিছে হাজৰিকাৰ পত্নী -পুত্ৰৰ লগতে গাঁওখনৰ বাসিন্দা।

উল্লেখযোগ্য যে হাজৰিকাক চাবলৈ তেওঁৰ ঘৰখনলৈ এতিয়া অাগমন ঘটিছে বহু লোকৰ।বৰ্তমান হাজৰিকা বহু পৰিমানে সুস্থ যদিও চিকিৎসা চলাই থকা বুলি মন্তব্য কৰিছে  ফাউণ্ডেচনৰ সদস্যজনে ৷ 

১৩ টা বছৰৰ পিছত অতুল হাজৰিকাক সুস্বাস্থ্যৰে পৰিয়ালক পুনৰ ঘূৰাই দিয়াৰ বাবে মুম্বাইৰ পৰা অহা সদস্যজনক গাঁওবাসীয়ে ফুলাম গামোচাৰে আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছে ৷

Your Comments