বিশ বছৰে বন্ধ দমদমা আঞ্চলিক বি এড মহাবিদ্যালয়

damdama

হাজোৰ পৰা কমলাকান্ত দাস 

১৯৯৪ চনতে স্হাপন হোৱা কামৰূপ জিলাৰ হাজো ৰাজহ   চক্ৰৰ অন্তৰ্গত দমদমা আঞ্চলিক বি এড মহাবিদ্যালয়খনত যোৱা ২০ বছৰ ধৰি তলা ওলমি থকা পৰিলক্ষিত হয়। জানিব পৰা মতে মহাবিদ্যালয়খনত আৰম্ভণিৰ পৰা পাঁচ -ছয় বছৰলৈকে সুচাৰুৰূপে পাঠদানো চলিছিল।damdama

কিন্তু পৰৱৰ্তী পৰ্যায়ত পৰিচালনা সমিতিৰ একাংশ সদস্যৰ পদবীৰ লালসা ,ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ধনৰ খেলিমেলি আদি ভালেমান খামখেয়ালিৰ বাবে পৰিচালনা সমিতিখন সুস্থিৰ হৈ থাকিব নোৱাৰিলে ফলত এটা সময়ত মহাবিদ্যালয়খনৰ সামগ্ৰিক গতিয়েই ৰুদ্ধ হৈ পৰিল। দমদমা আঞ্চলিক বি এড মহাবিদ্যালয়ত হাজোৰ লগতে  অসমৰ উপৰিও কেৰেলাৰ পৰাও বহুতো  ছাত্রছাত্রী  আহি অধ্যয়ন কৰিছিল।kamala kt das

কিন্তু বিগত বিশ বছৰে বি এড মহাবিদ্যালয়খন বন্ধ হৈ থকাত অঞ্চলটোত সেই সময়ত বিৰাজ কৰা শৈক্ষিক বাতাবৰণৰ ছন্দ যেন হঠাতে কৰবাত হেৰাই গ'ল।অঞ্চলটোৰ ৰাইজে এতিয়া পৰিচালনা সমিতিখনৰ খামখেয়ালি আঁতৰাই পুনৰ  বি এড মহাবিদ্যালয়খন মূকলি হোৱাটোকে কামনা কৰিছে।

Your Comments