আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন অবিহনে থলুৱা-খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা সম্ভৱ নহয় ৷ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৷ সেইবাবে অসমক শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন দাবীত যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি এলানি কাৰ্যসূচী ঘোষণা কৰিছে ৷ আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে অসমীয়া জাতি আজি অস্তিত্বৰ সংকটত ৷ স্বাধীনোত্তৰ কালৰে পৰা অসমলৈ হোৱা বহিঃৰাষ্ট্ৰ আৰু বহিঃৰাজ্যৰ পৰা হোৱা অবাধ প্ৰব্ৰজনে অসমীয়া জাতিক অসমতে এঘৰীয়া কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷

অসম জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা বিগত চাৰিটা দশক ধৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে ৷ পৰিষদৰ এই ন্যায্য দাবী কেন্দ্ৰীয় চৰকাৰে যথাসময়ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰাহেঁতেন আজি অসমতে অসমীয়া জাতি ভগনীয়াস্বৰূপ নহ’লহেঁতেন ৷ বিদেশী আৰু বহিৰাগতৰ অগ্ৰাসনত সৰ্বস্বান্ত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ অন্তিম পথ অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ শীঘ্ৰে প্ৰৱৰ্তনৰ বাহিৰে কোনো গত্যন্তৰ নাই ৷

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

সেয়েহে পৰিষদে অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰিছে ৷ কাৰ্যসূচী অনুসৰি অহা ১৭ আগষ্ট তাৰিখে সমগ্ৰ অসমতে পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে জিলাসমূহৰ সদৰত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব ৷ দ্বিতীয়টো কাৰ্যসূচী অনুসৰি জিলা সমিতিসমূহে জিলাৰ সদৰত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ ওপৰত জিলাসমূহৰ বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ তথা বিশিষ্ট নাগৰিকক লৈ আলোচনা-চক্ৰ অনুষ্ঠিত কৰিব ৷ উক্ত কাৰ্যসূচীসমূহত পৰিষদে সমগ্ৰ অসমবাসীৰ সহযোগিতা কামনা কৰিছে ৷
 

Your Comments