দৰঙৰ প্ৰতিবেদক :
অসমৰ বিশিষ্ট ইছলামীয় পণ্ডিত আলহাজ মৌলানা আফাজুদ্দিন আহমেদ চাহেবৰ নিশা ১১ঃ৪৫ বজাত দৰঙৰ বৰদৌলগুৰিৰ নিজ বাসভৱনত দেহাৱসান ঘটে। আজি আবেলি ৩ বজাত বৰদৌলগুৰিত হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্হিতিত যানাযা নামাজ সম্পন্ন কৰা হ'ব।
১৯৬০ চনৰ পৰাই ইছলামীয় জ্ঞানৰ প্ৰচাৰত ব্ৰতী হৈ থকা মৌলানা আফাজুদ্দিন আহমেদ চাহেবে ৮৪ বছৰ বয়সত এই সংসাৰ ত্যাগ কৰে। দৰঙ-ওদালগুৰি-শোণিতপুৰ-কামৰূপকে ধৰি নামনি অসমৰ সৰ্বাধিক জনপ্ৰিয় মৌলানা জন আৰু নাই। যানাজা নামাজ পঢ়াব ৰাজ্যৰ প্ৰসিদ্ধ ইছলামীয় পণ্ডিত মৌলানা আশ্বিক আলী ৰিজৱী চাহেবে।
গুণমুগ্ধৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি শাকতোলা নদীৰ পাৰত যানাজাৰ স্হান নিৰ্ধাৰণ কৰা হৈছে
- Log in to post comments
- 760 views