ওদালগুৰিৰ পৰা ৰিজুল হক :
দৈনিক জনমভূমি কাকতৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ৰ গাণনিক সাংবাদকৰ্মী দিলীপ হাজৰিকাৰ দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিংহোমত যোৱানিশা অকাল মৃত্যু ঘটে। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নিকতৱৰ্তী ৰণথলী বাগিছাৰ অৱসৰী কৃতী শিক্ষক প্ৰয়াত সম্ভুৰাম হাজৰিকা আৰু প্ৰভাৱতী হাজৰিকাৰ কনিষ্ঠ পুত্ৰ সাংবাদিক দিলীপ হাজৰিকা(৩৯)ৰ অকাল মৃত্যুৰ খবৰে বৃহত্তৰ বৃহত্তৰ কলাইগাঁও অঞ্চলত শোকৰ ছাঁ পেলাই।উল্লেখযোগ্য যে দিলীপ হাজৰিকা কৰ্মসূত্ৰে দৈনিক জনমভূমি কাকতৰ গুৱাহাটীৰ মূখ্য কাৰ্যালয়ৰ গাণনিক হিছাপে কাৰ্যনিৰ্বাহ কৰি আছিল।বহুদিনৰ পৰা মধুমেহ ৰোগত আক্ৰান্ত হাজৰিকাক যোৱা ২৬ এপ্ৰিলত হথাৎ অসুস্থ হোৱাত দিশপুৰ পলিক্লিনিক নাৰ্চিংহোমত ভৰ্ত্তি কৰা হৈছিল যদিও গুৰুতৰভাৱে অসুস্থ হৈ পৰাত উক্ত হস্পিতালতে আইচিইউত ৰাখিব লগীয়া হৈছিল। চিকিৎসাধীন অৱস্থাতে হাজৰিকাই যোৱানিশা১২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।মাত্ৰ ডেৰ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা সাংবাদকৰ্মী দিলীপ হাজৰিকাৰ মৃত্যুত নিজ গাঁও ৰনথলীত কান্দোনৰ ৰোল উঠে।কলাইগাঁও প্ৰেছ ক্লাব, কলাইগাঁও আঞ্চলিক ছাত্র সন্থা,ওদালগুৰি জিলা ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ,কলাইগাঁও প্ৰগতিশীল উন্নয়ন পৰিষদ,কলাইগাঁও প্ৰগতিশীল জনমঞ্চ,কবিৰালী সমাজ কল্যান ঐক্যমঞ্চ কলাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক মুকুন্দ ৰাম চৌধুৰী, ৰনথলী সমবায় প্ৰাথমিক বিদ্যালয়,ৰনথলী উচ্চ মাধ্যমিক বিদ্যালয়, ৰনথলী ৰূপালীম জনকল্যান আঞ্চলিক সংঘকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোঁক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
- Log in to post comments
- 59 views