মুনীন বৰকটকী বঁটা প্ৰাপক তুলিকা শইকীয়াৰ বিয়োগ

golaghat

গোলাঘাটৰ পৰা মিনাক্ষী ফুকন

 অসমৰ প্ৰগতিশীল চিন্তাৰ আপোচহীন লেখিকা তুলিকা শইকীয়াৰ সোমবাৰে পুৱতি নিশা ৩ বজাত  গোলাঘাটৰ লাইফ লাইন নাৰ্চিংহ'মত মৃত্যু হয়। ইতিমধ্যে 'চাৰিশাল গোসাঁনীৰ তেজ' উপন্যাসৰ জৰিয়তে  প্ৰচুৰ সম্ভাৱনাময় লেখিকা হিচাপে আত্মপ্ৰকাশ কৰা তুলিকা শইকীয়াক মুনীন বৰকটকী স্মাৰক বটাঁৰে সন্মানিত কৰা হৈছিল। মাত্ৰ ৪৩ টা বছৰ গৰকা লেখিকাগৰাকীৰ অকাল বিয়োগত গোলাঘাটত শোকৰ ছাঁ পৰিছে।

golaghat
২০১৪ চনৰে পৰা বৃক্কজনিত ৰোগত ভুগি থকা শইকীয়াৰ  মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে পুৱা গোলাঘাটৰ কচুগাঁওৰ তেওঁৰ বাসগৃহত মানুহৰ লানি নিচিগা সোঁত বয়।একমাত্ৰ জী আৰু স্বামী তনুজ তামুলীক ইহসংসাৰত  এৰি যোৱা লেখিকাগৰাকীৰ বাসগৃহত গোলাঘাটৰ বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানৰ লগতে  গোলাঘাট জিলা সাংবাদিক সংস্থা, নতুন সাহিত্য পৰিষদ, সদৌ অসম চুতীয়া জাতি ছাত্ৰ সন্থা আদিয়ে  শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Your Comments