বঙাইগাঁৱত বিবাহস্থলীত যুৱকৰ তাণ্ডৱ,চোকা অস্ত্ৰৰ আক্ৰমণত আহত চাৰিজন 

bgn

বঙাইগাঁওঃ ২৯ এপ্ৰিলঃ বঙাইগাঁও চহৰৰ ভাকাৰীভিটাৰ এখন বিবাহস্থলীত আজি পুৱতি নিশা এক আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ গাওঁখনৰে এজন যুৱকে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে ৷ যুৱকজনে বিবাহস্থলীত চলোৱা  তাণ্ডৱ আৰু আক্ৰমণৰ ঘটনাত চাৰিজন লোক আহত হয় ৷ উল্লেখ্য যে ধুবুৰী জিলাৰ শালকোছা গৌৰাংটাৰীৰ পলাশ কুমাৰ সিংহৰ সৈতে বঙাইগাঁও চহৰৰ ভাকাৰীভিটাৰ ভদ্ৰাৱতী ৰায়ৰ দেওবাৰে শুভ বিবাহৰ দিন আছিল ৷bgn2

সেই অনুসৰি নিশা বিয়া কৰাবলৈ শালকোছাৰ পৰা দৰা পলাশ কুমাৰ সিংহৰ লগত দৰা পক্ষ আহিছিল কইনাৰ ঘৰ ভাকাৰীভিটালৈ  ৷ কিন্তু ৰীতি-নীতিৰে পুৱতি নিশা তিনিমান বজাত বিবাহ পৰ্ব সামৰণী পৰাৰ পাছতে ঘটে অঘটন ৷ ঘটনা  সন্দৰ্ভত দৰা পক্ষৰ পৰা জোনোৱা অনুসৰি পুৱতি নিশা বিবাহ কাৰ্য সুকলমে সম্পন্ন হোৱাৰ পিচত দৰা পক্ষৰ লোকসকলে বাহিৰৰ পথৰ কাষত থকা অৱস্থাত উক্ত পথেৰে এখন মাৰুতি ভান আহে ৷

ভানখনে দৰা পক্ষৰ লোকসকলক খুন্দিয়াবলৈ বিচৰাত বিবাহস্থলীৰ লোকসকলে চিঞৰ - বাখৰ কৰাত ভানখন ঘটনাস্থলী ত্যাগ কৰি কিছুদূৰত গৈ ৰখে ৷ তাৰ পিচত ভানখনৰ পৰা এজন যুৱক নামি আহি দীঘল বাঁহ এডাল লৈ দৰা পক্ষৰ এজন লোকক আক্ৰমণ কৰে ৷ এনে অৱস্থাত বিবাহস্থলীৰ লোকসকলে  যুৱকজনক খেদি যোৱাত যুৱকজন দৌৰি পলায়ণ কৰে ৷ কিন্তু ইয়াতে ক্ষান্ত নাথাকি পিচত যুৱকজনে ঘৰৰ পৰা দা জাতীয় চোকা অস্ত্ৰ এখনলৈ আহি বিবাহ ঘৰৰ পদূলিৰ কলগছ কাটে, লাইট ভাঙে, তোৰণৰ ক্ষতি কৰে ৷ ইয়াৰ পাছতে বিবাহ স্থলীত সোমাই দৰা পক্ষৰ ৰথীন বৰ্মণ , বাবুল দাস আৰু স্বপন বৰ্মণক আক্ৰমণ কৰে ৷ কইনাৰ ভাতৃ দিগন্ত ৰায়ে কিয় গোণ্ডগোল কৰিছে বুলি মাত মাতিব যোৱা সময়ত দিগন্ত ৰায়কো আক্ৰমণ কৰি আহত কৰে ৷

পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী যুৱকজনক চোকা অস্ত্ৰসহ  আটক কৰে ৷ আক্ৰমণকাৰী যুৱকজন একেখন গাওঁৰে মাজেন ৰায় আৰু কইনা ঘৰৰ কাষতে ঘৰ বুলি জানিব পৰা গৈছে ৷ আক্ৰমণকাৰী যুৱকজনৰ দাৰ ঘাপত আহত ৰথীন বৰ্মণ, দিগন্ত ৰায়, বুবুল দাস আৰু স্বপন বৰ্মণক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইয়াৰে ৰথীন বৰ্মণৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আনহাতে স্বপন দাসক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷  আৰক্ষীয়ে পুৱাৰ ভাগত ঘটনা সংঘটিত হোৱা বিবাহ গৃহত উপস্থিত হৈ ঘটনাৰ তদন্তও কৰে ৷

ইপিনে এই আক্ৰমণৰ ঘটনা সন্দৰ্ভত দৰা পলাশ কুমাৰ সিংহই বঙাইগাঁও আৰক্ষী থানাত মাজেন ৰায়ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ আনহাতে আৰক্ষীয়ে পুৱাৰ ভাগত বিবাহ গৃহত উপস্থিত হৈ  ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ঘটনাৰ তদন্ত কৰে ৷ ইপনে এজাহাৰকাৰীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে  ২৫৮ / ১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি মাজেন ৰায়ক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে মাজেন ৰায়ক জেল হাজোতলৈ প্ৰেৰণ কৰে  ৷

উল্লেখ্য  যে দেওবাৰে ভাকাৰীভিটাত বিহুৰ সাংস্কৃতিক অনুষ্ঠান থকাত বহু লোক বিহুত ব্যস্ত আছিল ৷ হয়তো মাজেন ৰায়েও বিহুৰ অনুষ্ঠান উপভোগ কৰি ঘৰলৈ গৈ আছিল আৰু সেই সময়তে এই ঘটনাটো সংঘটিত হয় ৷ অৱশ্যে ঘটনা সন্দৰ্ভত মাজেন ৰায়েৰ ভাষ্য জানিব পৰা নগ'ল ৷ 

Your Comments