নলবাৰী ২৯ এপ্ৰিল :
নলবাৰীৰ নাট্য মন্দিৰ প্ৰাঙ্গনত সমন্বয় গোষ্ঠী,নলবাৰীৰ উদ্যোগত আৰু ভাষা আৰু ভাষা বিজ্ঞান কেন্দ্ৰ,নলবাৰী মহাবিদ্যালয়ৰ সহযোগত বিশেষ অন্তৰংগ আলাপ আৰু সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়।
উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানত অসমৰ জনপ্ৰিয় আলোচনী তথা পঞ্চাশ বছৰ অতিক্ৰম কৰা বিস্ময়ৰ সম্পাদক শশী ফুকন আৰু বিশিষ্ট ৰহস্য সাহিত্যিক তথা সাত সতাধিক গ্ৰন্থৰ ৰচক ৰঞ্জু হাজৰিকাক নলবাৰীৰ বিভিন্ন দল-সংগঠনে ৰাজহুৱা সম্বৰ্দ্ধনা জনায়।সম্বৰ্দ্ধনা গ্ৰহণ কৰি দুয়ো গৰাকী ব্যক্তিয়ে আবেগিক হৈ পৰা বুলি প্ৰকাশ কৰে লগতে নলবাৰীবাসীক ধন্যবাদ জনায়।আনহাতে অসমৰ বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্য্য মুখ্য অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।
ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে কলেজত পঢ়ি থকা সময়ৰ পৰাই বিস্ময় আলোচনী খনৰ প্ৰিয় পাঠক হৈ পৰা বুলি কোৱাৰ লগতে ৰঞ্জু হাজৰিকাৰো বহু গ্ৰন্থ পঢ়ি তেতিয়াৰ পৰাই সাহিত্যৰ প্ৰতি আগ্ৰহী হৈ পৰে বুলি কয়।
- Log in to post comments
- 29 views