নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক ফেচবুকত ভাবুকি দিয়া জিন্টু মেধি নামৰ যুৱকজন আৰক্ষীৰ জালত । প্ৰাপ্ত খবৰ মতে জিন্টু মেধি এগৰাকী বিজেপি কৰ্মী।২৫ এপ্ৰিলৰ নিশা সাংবাদিক ৰাজেন ডেকাক এটা চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল।
উল্লেখযোগ্য যে সাংবাদিকগৰাকীৰ ওপৰত আক্ৰমণ চলোৱাৰ আগৰ দিনা অৰ্থাৎ ২৪ এপ্ৰিলত বৰক্ষেত্ৰীৰ বিজেপি কৰ্মী মেধিয়ে ৰাজেন ডেকাৰ এটা বাতৰি ফেচবুকত পোষ্ট কৰি সাংবাদিকজনক ভাবুকি প্ৰদান কৰিছিল।
উক্ত পোষ্টটোত একাংশ ব্যক্তিয়ে ডেকাক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল
ধৃত জিন্টু মেধিয়ে।ইয়াৰ পিছতে সাংবাদিকজনক ২৫ এপ্ৰিলত এটা চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা চলাইছিল।সাংবাদিকগৰাকীক আক্ৰমণ চলোৱাৰ পিছতে মেধিয়ে ফেচবুকৰ পৰা উক্ত পোষ্টটো ডিলিট কৰিছিল।
অৱশ্যে একাংশ লোকে ৰাখি থোৱা প’ষ্টটোৰ স্ক্ৰিন শ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে শনিবাৰে নিশা মেধিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। আনহাতে কেইবাদিনো ওকলি যোৱাৰ পিছতো আৰক্ষীয়ে উক্ত আক্ৰমণৰ সৈতে জড়িত এজনো লোকক আটক কৰিবলৈ সক্ষম নোহোৱাৰ কথাটো সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
- Log in to post comments
- 12 views