বকুলগুৰি কৃষক পুথিভঁৰালৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন

ka2

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা


নগাঁও জিলাৰ কামপুৰৰ বকুলগুৰি কৃষক পুথিভঁৰালে পূৰ্ণ কৰিলে ৫০ টা বছৰ।বিগত ৫০বছৰত বকুলগুৰি কৃষক পুথিভঁৰালে তেওঁলোকৰ অঞ্চলত বিভিন্ন উন্নয়নমূলক সামাজিক কাম কৰি ইতিমধ্যে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এইবেলি তেওঁলোকৰ সোণালী জয়ন্তী বৰ্ষ । সোণালী জয়ন্তী বৰ্ষটো উদযাপনৰ বাবে কৃষক পুথিভঁৰালে ৰঙালী বিহুৰ লগত সংগতি ৰাখি সোম আৰু মঙলবাৰে দুদিনীয়াকৈ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছে ।

ka9

সোমবাৰে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণৰ পিছতে গাঁৱৰ ৰাইজে এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় । শোভাযাত্ৰাত শংকৰী কলা- কৃষ্টিৰ লগতে বিভিন্ন জাতি- উপজাতিৰ কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয়।উল্লেখযোগ্য যে এই সাংস্কৃতিক কাৰ্যসূচীসমূহত তিৱা, কাৰ্বি, বড়ো-কছাৰী সমাজৰ পৰম্পৰাগত কৃষ্টিও দাঙি ধৰা হয় । মঙলবাৰে সন্ধিয়াৰৰ ভাগলৈ সতী জয়মতীৰ কাহিনীৰে এখন একাংক নাট মঞ্চস্থ কৰিব নিমন্ত্ৰিত নাটদলে । তাৰ পিছতেই নিমন্ত্ৰিত শিল্পীদলে গীত পৰিৱেশন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
 

Your Comments