নলবাৰী, ২৮ এপ্ৰিল
সদৌ অসম সাংবাদিক সন্থাৰ উপ-সভাপতি তথা দৈনিক অসম কাকতৰ মুকালমুৱাস্থিত সাংবাদিক ৰাজেন ডেকাক পুৰ্ব্ব পৰিকল্পিত ভাৱে দুৰ্বৃত্তই ঘৰলৈ গৈ থকা অবস্থাত প্ৰহাৰ কৰা ঘটনাক গণতন্ত্রৰ প্ৰতি চৰম আঘাত বুলি নলবাৰী জিলা ছাত্ৰ সন্থাই খেদ প্ৰকাশ কৰিছে। চৰকাৰে প্ৰতি গৰাকী সাংবাদিকক সুৰক্ষা প্ৰদান কৰা হব বুলি বিভিন্ন সময়ত কৈ অহাৰ সময়তে ৰাজপথত সাংবাদিকক আক্ৰমণ কৰা ঘটনাই চৰকাৰৰ ফোপোলাস্বৰূপ উদঙাই দিছে |
ঘটনাৰ ৭২ ঘন্টা পাৰ হৈ যোৱাৰ পিচতো আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিৱ নোৱাৰাটো অতি দুৰ্ভাগ্যজনক। আক্ৰমণৰ লগত জড়িত দুৰ্বৃত্তক অতিশীঘ্ৰে কাৰয়ত্ব কৰি দৃষ্টান্তমুলক শাস্তিৰ দাবীত আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী চহৰ, মুকালমুৱা , ঘগ্ৰাপাৰ, বৰাজোল, আল্লিয়া , ধমধমা , বালিতাৰা , বানেকুছি , বৰমা ,টিহু , মাখিবাহা , শোলমাৰা ,চামতা , বাহজানী, বৰভাগ , পশ্চিম বনভাগ,পশ্চিম উপৰ -বনভাগ, কৈঠালকুছি আদিকে ধৰি ২২ টা ৰাজহুৱা স্থানত ক'লা পতাকা উত্তোলন কৰি প্ৰতিবাদ কৰে |
ইয়াৰ পিছতো যদি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰে, প্ৰশাসনৰ বিৰুদ্ধে কঠোৰ কাৰ্যসুচী গ্ৰহন কৰা হৱ বুলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই জানিবলৈ দিয়ে |
- Log in to post comments
- 17 views