ধুমুহা-বৰষুণ-শিলাবৃষ্টিৰ  বাবে  মূৰে-কপালে  হাত দিছে  নগঞা  কৃষকে

nagaon

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা :

অভিলেখ সংখ্যক  ধান উৎপাদনৰে  অসমৰ  কৃষি অৰ্থনীতিত  অভূতপূৰ্ব  বৰঙণি  আগবঢ়োৱা  নগাঁও জিলাত শেহতীয়া  ধুমুহা-বৰষুণ-শিলাবৃষ্টিৰ  বাবে  কৃষক  ৰাইজে  মূৰে-কপালে  হাত  দিব  লগীয়া অৱস্থাৰ  সৃষ্টি হৈছে । উল্লেখযোগ্য যে  দীৰ্ঘদিন  ধৰি  বৰষুণৰ  অভাৱত  গাঁঠিৰ  ধন  ভাঙি ব্যক্তিগতভাৱে  কৃষিভূমিত  জলসিঞ্চনৰ  ব্যৱস্থা  কৰি  নগাঁও  জিলাৰ কাছমাৰী, হাতীচোং,পাখিমৰীয়া আৰু জাগীয়াল  মৌজাৰ কৃষকেবৰোধান ৰোপন কৰিছিল ।এজাক বৰষুণৰ বাবে  কৃষকে  বৰুণ দেৱতাক  কাকূতি-মিনতি  কৰিবলগীয়া হৈছিল ।

বৰষুণৰ  অভাৱত  কৃষি কৰ্ম কৰাত  বাধাৰ  সন্মুখীন  হৈছিল । পৰৱৰ্তী সময়ত  মাৰ্চ  মাহৰ শেষভাগৰ আৰম্ভ  দুই-এজাক  পাতলীয়া  বৰষুণে কৃষকসকলৰ  মাজত  সন্তুষ্টি কঢ়িয়াই  আনিছিল।কিন্তু ব'হাগ বিহুৰ 'গৰু বিহু'ৰ  দিনাৰ  পৰা  আৰম্ভহোৱা  ধুমুহা-বৰষুণ-শিলাবৃষ্টিয়ে  কৃষকসকলৰ আশাত  চেঁচা পানী  পৰে । তদুপৰি  ৰঙালী বিহুৰ  সাতবিহুৰ  সময়ত  অহা  ভূমিকম্পৰ  ফলত  ৰাইজ আতংকিত হৈ পৰাৰ ফলত যোৱা নিশা  পৰ্যন্ত অহা প্ৰচণ্ড  ধুমুহাৰ  ফলত  জিলাখনৰ বিভিন্ন  প্ৰান্তত  ক্ষতিসাধন  কৰে । ধুমুহাৰ ফলত  বহুলোকৰ  ঘৰ-দুৱাৰ  ভঙাৰ  উপৰিও  গছ-গছনি  ভাঙি  বিস্তৰ ক্ষতি  সাধন  হয় ।

প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টি আৰু  নেৰা-নেপেৰা বৰষুণৰ  ফলত  জিলাখনৰ  কাছমাৰী, হাতীচোং, পাখিমৰীয়া  আৰু  জাগীয়াল  মৌজাৰ  অন্তৰ্গত  প্ৰায়  অৰ্ধ  শতাধিক  গাঁৱত বৰোধানৰ লগতে  শাক-পাচলি, ফল-মূলৰ  খেতিৰ  অনিষ্টসাধন 
কৰে ।

উল্লেখযোগ্য যে  জিলাখনৰ  এই চাৰিওটা মৌজাৰ  প্ৰায় ৭৫ শতাংশ লোক  কৃষিকাৰ্য্যৰ  লগত জড়িত । শালিধানৰ  সমান্তৰালকৈ  বৰোধান  উৎপাদনে  কৃষকসকলক  অৰ্থনৈতিকভাৱে  সকাহ  দি আহিছে । কিন্ত্ত শেহতীয়াভাৱে অনাকাংক্ষিতভাৱে  অহা ধুমুহা-বৰষুণ-শিলাবৃষ্টিৰ  বাবে  শ-শ  বিঘা বৰোধানৰ খেতি বিনষ্ট  কৰাটো  গ্ৰাম্য  অৰ্থনীতিৰ  বাবে  মোক্ষম  আঘাত  বুলি  চিহ্নিত  হৈছে ।

Your Comments