নগাঁৱৰ বঢ়মপুৰত অসুৰক্ষিত বিদ্যুৎ সেৱা, খুটাত লাগি পশুধনৰ মৃত্যু

bitdut

 ৱাহিদুদ জামান,নগাঁও:২৮ এপ্ৰিল : নগাঁও জিলাৰ বঢ়মপুৰ, বামুনীত আজি পুৱা  বিদ্যুৎৰ খুটাত লাগি এটা পশুধনৰ মৃত্যু হোৱা ঘটনাই  চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে আজি পুৱাৰ ভাগত বামুনী-বৰবাৰী পথত বামুনী ডাকঘৰৰ সমীপত  শ্বৰ্ট হৈ থকা এটা বিদ্যুতৰ খুটাত  লাগি অঞ্চলটোৰ এগৰাকী দৰিদ্ৰ কৃষকৰ এটা পশুধনৰ মৃত্যু হয়। পশু ধনটো ছটফটাই থকা অৱস্থা প্ৰত্যক্ষ কৰি তাত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে হুৱা দুৱা লগায়।

পাছত স্থানীয় একাংশ যুৱক ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ বিদ্যুৎ সংযোগ বিছিন্ন কৰাত পশুধনটো মৃত্যু হয় যদিও অধিক বিপদৰ পৰা ৰক্ষা পৰে। ঘটনা সন্দৰ্ভত যুৱক কেইজনে দায়িত্বত থকা স্থানীয় বিদ্যুৎ কৰ্মচাৰীক অবগত কৰে যদিও তেওঁলোকে বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । ঘটনাটো সংঘটিত হোৱাৰ পাছত প্ৰায়  ১০ ঘন্টা বিদ্যুৎ সেৱা ব্যাহত হৈ থাকোতে ৰাইজৰ সমস্যাৰ সৃষ্টি হয়।

উল্লেখ্য যে বিদ্যুৎ বিভাগৰ লোকে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিয়মীয়া নিৰিক্ষণ আৰু মেৰামতি নকৰাত অতি অসুৰক্ষিত ভাবেই চলি আছে বিদ্যুৎ সেৱা। যাৰ ফলত অলপ বতাহ ধুমুহা দিলেই শংকাত ভূগিব লগা হয় অঞ্চলটোৰ সাধাৰণ ৰাইজ । অঞ্চলটোৰ সচেতন ৰাইজে  বিদ্যুৎ বিভাগৰ ভুলৰ বাবে সংঘটিত আজিৰ ঘটনাটোৰ ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে  দৃষ্টি ৰাখিবৰ বাবে নগাঁও জিলা বিদ্যুৎ বিভাগক দাবী জনায়।

Your Comments