নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
নগাঁও জিলাৰ বেবেজীয়াৰ "শংকৰ-মাধৱ চিত্ৰকলা বিদ্যালয়"ৰ সৌজন্যত যোৱা ২১ এপ্ৰিলত প্ৰথমবাৰৰ বাবে আয়োজিত হয় ৰঙালী বিহু । ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটাসমূহ আজি(ৰবিবাৰে) প্ৰদান কৰা হয় ।
এই উপলক্ষে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত 'ক' শাখাৰ প্ৰথম হিমশিখা কৌশিক, দ্বিতীয় নিলীম বৰদলৈ,তৃতীয় দেবাংগ শৰ্মা, চতুৰ্থ লক্ষীপ্ৰিয়া বৰকটকী আৰু পঞ্চম জিমন জ্যোতি দাসক , 'খ' শাখাৰ প্ৰথম নৱনীতা শৰ্মা, দ্বিতীয় গাৰ্গী বৰা, তৃতীয় প্ৰিয়ংকা সূত, চতুৰ্থ প্ৰান্তিক বৰঠাকুৰ আৰু পঞ্চম মধুস্মিতা দাসক তথা 'গ' শাখাৰ প্ৰথম গৌতম দাস, দ্বিতীয় অৰিন্দম দাস, তৃতীয় কৃষ্ণাংগিনী শইকীয়া, চতুৰ্থ বাচাপী ৰংহাংপী আৰু অৰ্মত্য দাসক এটিকৈ নিম, নেমু ,আগৰ পুলিৰ লগতে কলমেৰে পুৰস্কৃত কৰা হয় ।
চিত্ৰাংকন বিদ্যালয়ৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাৰ লগতে সাংবাদিক ঋতু পৰ্ণ শৰ্মাই বঁটা প্ৰদান কৰে ।
- Log in to post comments
- 26 views