জিঅ' বেগ ফালিলে দুৰ্বৃত্তই

jio

ৰঞ্জিত তালুকদাৰ, বৰপেটাৰোড।

বৰপেটা জিলাৰ উত্তৰ ফালে চাফাকামাৰত অৱস্থিত বেকী নৈত নামনি অসম জলসম্পদ বিভাগে জিও বেগেৰে কৰি থকা বানপানী প্ৰতিৰোধৰ কাম চলি থকা অৱস্থাত যোৱা নিশা দুৰ্বৃত্তই বেগ সমূহ কাটি পেলায়।বিশেষ সূত্ৰ‌ৰ পৰা জানিব পৰা মতে উত্তৰ চাফাকামাৰৰ হানিফ আলিৰ পুত্ৰ মুস্তাফা আলি(২৪) নামৰ ব্যক্তি এজনে খুক্ৰীৰে নিশা প্ৰায় দুই হাজাৰ জিঅ'বালি ভৰ্তি বেগ ৰাতি কাটি থৈ যায়।  পিছত স্থানীয় ৰাইজৰ তত্বাৱধানত মুস্তাফা নামৰ ধুৰন্ধৰ অপৰাধী জনক আটক কৰি বৰপেটা ৰোড আৰক্ষীক গতাই দিয়া হৈছে ।

Your Comments