শিৱসাগৰঃ ২৮ এপ্ৰিলঃ
শিৱসাগৰ জিলাৰ গৌৰিসাগৰ আৰু জয়সাগৰ থানাৰ মধ্যস্থানত অৱস্থিত ভটিয়াপাৰত আজি সন্ধিয়া ৬ বজাত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত কেইবাখনো গাড়ী ভষ্মীভূত হয়। স্থানীয় সুত্ৰই জনোৱা মতে ভটিয়াপাৰৰ অশোক লিলেণ্ড গাড়ী চাৰ্ভিচিং চেন্টাৰ তথা ডিলাৰটোৰ পিছফালে এই অগ্নিকাণ্ড সংঘটিত হয়। মূৰ্হুততে জুইৰ কলা ধোৱাই সমগ্ৰ অঞ্চলটো আগুৰি ধৰে। অগ্নিকাণ্ডৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি ব্যাপক যান-জঁটৰ পৰি সৃষ্টি হয়।
সন্দেহ কৰা মতে অশোক লিলেনৰ গাড়ী চাৰ্ভিচিং কৰাৰ সময়ত গাড়ীৰ পৰা উলিয়াই ৰখা পুৰণি মবিলসমুহ এটা স্থানত পেলাই দিয়া হৈছিল যাৰ ফলত এটা পুখুৰীৰ সৃষ্টি হৈ তেলেৰে পৰিপূৰ্ণ হৈ পৰে। আজি সন্ধিয়া অসাৱধানবসতঃ পুখুৰীটোত পৰি থকা তেলত জুই লাগে। উক্ত জুই তৎমুৰ্হুততে ডিলাৰটোৰ বিভিন্ন স্থানলৈ বিয়পি পৰে।
এক সুত্ৰৰ পৰা জানিব পৰা মতে উক্ত স্থানৰ সমীপতে দুখন কয়লাৰ ট্ৰাক, দুখন তেলৰ টেংকাৰ আৰু এখন জেচিবি ৰখাই থোৱা আছিল। অগ্নিকাণ্ডত দুয়োখন কয়লা ভৰ্তি ট্ৰাকত প্ৰথমে জুই লাগে আৰু তাৰ পাছত তেলৰ টেংকাৰ দুখনলৈ জুই বিয়পি পৰে। জুই লগা সময়ত তেলৰ টেংকাৰ দুখনত তেল ভৰ্তি আছিল নে নাই সেই কথা এতিয়ালৈকে জানিব পৰা নাই। স্থানীয় লোকে বহুকেইটা প্ৰচণ্ড শব্দ শুনিবলৈ পাইছিল জুইলগা স্থানৰ পৰা। লগেলগেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অ'এনজিচি আৰু ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ চাৰিখন গাড়ী আহি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
যাৰবাবে বৃহৎ অঞ্চল এটা অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এজন কেমেৰা পাৰ্চনক আন্ধাৰৰ সুযোগলৈ কোনো দুষ্কৃতিকাৰীয়ে শাৰিৰীকভাৱে প্ৰহাৰ কৰাৰ গুৰুত্ব অভিযোগ উঠিছে। দুষ্কৃতিকাৰীয়ে কি কাৰণে কেমেৰা পাৰ্চন গৰাকীৰ শাৰিৰীকভাৱে প্ৰহাৰ কৰিলে তাত লৈ প্ৰশ্ন উঠিছে।
- Log in to post comments
- 17 views