২ অক্টোবৰত নামৰূপত মুকলি হ'ব 'এনআৰপিপি' উদ্যোগ

NAMRUP

নামৰূপৰ পৰা সমীৰণ বৰুৱা

নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰৰ বহু প্ৰতীক্ষিত নতুন উদ্যোগ 'এনআৰপিপি' অহা ২ অক্টোবৰত ৰাইজৰ বাবে মুকলি কৰিব বুলি আজি নামৰূপ আঞ্চলিক ছাত্র সন্থাক জানিবলৈ দিয়ে নামৰূপ ৰিপ্লেছমেন্ট পাৱৰ প্ৰজেক্ট(এনআৰপিপি) কতৃপক্ষই।উল্লেখ্য যে বিগত বৰ্ষসমূহত কেইবাবাৰো দুৰ্ঘটনা সংঘটিত হোৱা এই প্ৰকল্পটো কেতিয়াবাই মুকলি কৰাৰ কথা আছিল যদিও ভাৰত হেভী ইলেকট্ৰ'নিক কোম্পানীৰ(ভেল)ৰ গাফিলতিৰ বাবে এই কাম সম্পূৰ্ণ হৈ উঠা নাছিল।


নামৰূপ আঞ্চলিক ছাত্র সন্থাকে প্ৰমুখ্য কৰি নামৰূপৰ দল-সংগঠনৰ একাধিক প্ৰতিবাদী কাৰ্যসূচীৰ পিছত আজি নামৰূপ থাৰ্মেলৰ সভাকক্ষত নামৰূপ ৰিপ্লেছমেন্ট পাৱাৰ প্ৰজেক্টৰ সঞ্চালক, অধ্যক্ষ আৰু ছাত্ৰ সন্থাৰ সঁজাতি দল  আলোচনাত মিলিত হয়। 


ছাত্র সন্থাৰ আন্দোলন,প্ৰতিবাদত নতি স্বীকাৰ কৰি  আজি ছাত্ৰ সন্থাক এনআৰপিপি কৰ্তৃপক্ষই অহা ২ অক্টোবৰত প্ৰকল্পটো ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।নামৰূপ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা অৱনী কুমাৰ গগৈ, সভাপতি কল্পজিৎ গগৈ আৰু সাধাৰণ সম্পাদক অসীম ফুকনে  এই কথা জানিবলৈ দিয়ে।


লগতে আছুৱে যোৱা বছৰ 'ভেল'ৰ গাফিলতিত প্ৰকল্পৰ চাদ খহি পৰা বিষয়টোক লৈ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ দ্বাৰা গঠিত তদন্ত সমিতিক এনআৰপিপিত সংঘটিত দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অতি শীঘ্ৰে ৰাজহুৱা কৰিবলৈ আজিৰ  আলোচনাত দাবী জনায়।

Your Comments