মাজুলীৰ পৰা 'নিউজ এএছএন' প্ৰতিনিধি
পাঁচশ বছৰীয়া সত্রীয়া পৰম্পৰা তথা ঐতিহ্যত আঘাত হানি ২২ গৰাকীকৈ বৈষ্ণৱ ছাত্রৰ খপলা-খপলিকৈ চুলি কাটি দিয়াত শনিবাৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় মাজুলী আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত ।
বিদ্যালয়ৰ প্রধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়াই পুৱা বিদ্যালয়ৰ প্রাৰ্থনা সভাত বিদ্যালয়ত অধ্যয়নৰত ২২ গৰাকীকৈ আউনীআটী সত্রৰ বৈষ্ণৱ ছাত্রৰ দীঘলকৈ ৰখা চুলিত ৰং কৰি অহাৰ অজুহাতত চুলি খপলা- খপলিকৈ কাটি দিয়ে । এই কাণ্ডত মৰ্মাহত হৈ শিশু আৰু কিশোৰ বৈষ্ণৱ ছাত্রসকলে সত্রৰ নিজ নিজ বহালৈ গৈ অভিভাৱকৰ সন্মুখত প্রকাশ কৰি কান্দোনত ভাগি পৰে ।
সত্রৰ পৰম্পৰা আৰু ধৰ্মীয় অনুভূতিত তীব্র আঘাত হনা এই কাৰ্য প্রত্যক্ষ কৰি হতচকিত হৈ পৰা জ্যেষ্ঠ বৈষ্ণৱসকলে ছাত্রসকলক লগত লৈ মাজুলী জিলা উপায়ুক্তৰ কাষ চাপে । উপায়ুক্তক অভিযোগ দিয়াৰ উপৰি বৈষ্ণৱসকলে মাজুলী আৰক্ষী থানাত এই বিষয়ক এটা গোচৰ ৰুজু কৰে । ইফালে ছাত্রসকলৰ উচ্ছৃংখল স্বভাৱ তথা চুলিত ৰং কৰি বিদ্যালয়লৈ অহাৰ বাবেই ৰং কৰা চুলিখিনি কাটি দিয়া হৈছিল বুলি উল্লেখ কৰে বিদ্যালয়ৰ প্রধান শিক্ষক প্রশান্ত দোলাকাষৰীই ।
ইফালে,অভিযুক্ত প্ৰধানশিক্ষকগৰাকীৰ এনে নীতিবৰ্হিভূত কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২৪ ঘন্টাৰ ভিতৰত পদবীৰ পৰা অপসাৰণ কৰাৰ বাবে মাজুলী মহকুমা ছাত্র সন্থাই দাবী জনাইছে ।সভাপতি অজিত হাজৰিকা আৰু সম্পাদক বিতোপন শৰ্মা স্বাক্ষৰিত এক স্মাৰকপত্ৰ যোৰহাট বিদ্যালয়সমূহৰ পৰিদৰ্শক বিষয়াৰ ওচৰত প্ৰদান কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ।
- Log in to post comments
- 14 views