জীয়ৰীয়ে বৃদ্ধ পেঞ্চন লাভ কৰিলে যদিও ১০৩ বছৰীয়া মাকে আজিকোপতি পাবলৈ সক্ষম নহ'ল পেঞ্চন

103

হাজোৰ পৰা কমলাকান্ত দাস

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম দামপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত এগৰাকী ১০৩ বছৰীয়া বৃদ্ধাই ভোটাধিকাৰ সাব্যস্ত কৰে। 

ইফালে ১০৩ বছৰীয়া আইতাই ভোট প্ৰদান কৰিব আহোঁতেই ওলাই পৰিল চৰকাৰী বঞ্ছনাৰ আন এক অধ্যায়।আইতাই  সাংবাদিকৰ আগত ক'লে যে আজিলৈ তেওঁ নাপালে কোনো চৰকাৰী সুবিধা।বৃদ্ধ পেঞ্চনৰ পৰাও বঞ্চিত হ'ল ১০৩ বছৰীয়া আইতা।

বৃদ্ধাগৰাকীৰ জীয়াৰীয়ে কিন্ত লাভ কৰিছে বৃদ্ধ পেঞ্চন।তথাপিও ভোট দিয়াৰ ইচ্ছা পূৰণ কৰিলে আইতাই।আইতাই  ভোটাধিকাৰ  সাব্যস্ত কৰাৰ বাবে তেওঁৰ পুত্ৰ,নাতি-নাতিনীসকল আনন্দিত হৈছে।

Your Comments