গোসাঁইগাঁৱৰ প্ৰতিনিধি :
তৃতীয় তথা অসমৰ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আজি পাঁচ নম্বৰ কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত ২৮ নম্বৰ গোসাঁইগাঁও ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়।
পুৱাৰ ভাগতে একাংশ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে ভোটগ্ৰহণ আৰম্ভ কৰাত কিছু বিলম্ব হয় যদিও পাছত স্বাভাৱিক আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় বুলি মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সূত্ৰত প্ৰকাশ।
প্ৰাপ্ত তথ্য মতে ২৮ নম্বৰ গোসাঁইগাঁও বিধানসভা সমষ্টিত বিয়লি পাঁচ বজালৈ ভোটদানৰ প্ৰক্ৰিয়া সম্পন্ন হয়। ৫ বজালৈ পূব আৰু পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ক্ৰমে ৭২•৪৫ আৰু ৭৪•৬৫ শতাংশ আছিল।
- Log in to post comments
- 9 views