"কেব এতিয়া নাই,কেব কেতিয়াবাই বাতিল হৈছে"

rk

নিউজ ডেস্ক :

সোমবাৰে পশ্চিমবঙ্গৰ নিৰ্বাচনী সভাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমীয়া ৰাইজৰ আবেগক পুনৰ অপমান কৰি "নাগৰিকত্ব সংশোধনী বিধেয়ক আগত, তাৰ পাছতহে এন আৰ চি সম্পূৰ্ন হব" বুলি কৰা মন্তব্যৰ পাছতে কেবৰ সন্দৰ্ভত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৰে  টুলুঙা মন্তব্য।ক্ষমতাৰ স্বাৰ্থত বিজেপিৰ নেজত ধৰি লোকসভাৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হব বিচৰা আঞ্চলিক দলটোৰ বিধায়ক গৰাকীয়ে নিৰ্লজ্জ ভাবে উল্লেখ কৰে যে " কেব এতিয়া নাই,কেব এতিয়া বাতিল হৈছে'।সেয়ে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমবাসীয়ে মূৰ ঘমোৱাৰো কোনো দৰকাৰ নাই।লগতে কয় বিজেপিৰ দুই নেতা ৰাম মাধৱ আৰু গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে কেবৰ সন্দৰ্ভত কৈছে বুলিও তেওঁ উল্লেখ কৰে।

আনহাতে লোকসভাৰ নিৰ্বাচনত অসমৰ তিনিটা সমষ্টিতে অগপ প্ৰাৰ্থীৰ জয়ী হব বুলি মন্তব্য প্ৰকাশ কৰি তেওঁ কয় পূৰ্বতে আমি দুটা সমষ্টি পাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আমি তিনিওটা সমষ্টিতে জয়ী হম।

Your Comments