নলবাৰী ২৩ এপ্ৰিল :-- নলবাৰী জিলাৰ পশ্চিম দিশৰ গামাৰিমূৰী গাওৰ সাহপুৰ চুবুৰিত কালি সন্ধিয়া প্ৰায় ৭-৩০ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই অগ্নিকাণ্ডত ধনেশ্বৰ বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ শৰৎ বৰ্মনৰ দুটি ঘৰ ভস্মিভূত হয় । প্ৰাপ্ত খবৰ মতে সন্ধিয়া গোহালিৰ ওচৰত গৰুৰ খাদ্য গৰম কৰি থকাৰ সময়তে হঠাৎ ওচৰৰে ধানখেৰ থোৱা ঘৰটোত অগ্নিকাণ্ড সংঘটিত হয় । দাউ দাউকৈ জ্বলি উঠা অগ্নিকাণ্ডত খেৰ থোৱা ঘৰটো সম্পূৰ্ণ ভস্মিভূত হোৱাৰ লগতে ওচৰতে থকা এটি চালি ঘৰৰ আংশিক ভস্মিভূত হয় । ঘটনাৰ লগে লগে ওচৰচুবুৰীয়া শতাধিক লোকে জুই নুমাবলৈ আপ্ৰাণ চেষ্টা চলাই আৰু লগে লগে বেলশৰৰ পৰা যোৱা দুখন অগ্নি নিৰ্বাপকবাহিনীৰ গাড়ী ঘটনা স্থলিত উপস্থিত হৈ আগ্নি নিৰ্বাপন কৰে । প্ৰথম খন গাড়ীৰ পানী শেষ হোৱাৰ পিছত মটৰেৰে এটি পুখুৰীৰ পৰা পানী উঠাবলৈ ধৰাত মটৰটো বিকলহৈ পৰাত অথন্তৰৰ সৃষ্টি হয় যাৰ ফলত স্থানীয় ৰাইজ ক্ষুব্ধহৈ পৰে । পিছত আন এখন গাড়ী ঘটনাস্থলিত উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয় ।
- Log in to post comments
- 9 views