নলবাৰী,২৩ এপ্ৰিল ঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত সোমবাৰে পুৱতি নিশা ৪-৩০ বজাত এখন পশুধন ভৰ্তি ট্ৰাক দুৰ্ঘনাত পতিত হোৱাত ১২ টাকৈ বলধ গৰুৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিবৰণী মতে ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কাটুৰীয়াত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত বিহাৰৰপৰা অসমলৈ ২৫ টাকৈ বলধ গৰু কঢ়িয়াই গুৱাহাটী অভিমুখে গৈ থকা বিআৰ ১১ জিচি ০৪৬৫ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষত থকা ৰেলিংঙত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি প্ৰায় ১০০ ফুট তলত থকা ঘগ্ৰাজানত বাগৰি পৰে।
পাছত বাহনখনত থকা ২৫ টা বলধ গৰুৰ ১২ টা থিতাতে নিহত হয় আৰু ১৩ টা সংকটজনক অবস্থাত উদ্বাৰ কৰা হয়। উল্লেখ্য যে চালকজন ঘটনাস্থলীৰপৰা পলাই যোৱালৈ চাই স্থানীয় ৰাইজে উক্ত পশুধন কেইটা চুৰি বুলিও সন্দেশ প্ৰকাশ কৰিছে। সম্প্ৰতি দুৰ্ঘটনা সন্দৰ্ভত ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জনা যায় ৷
- Log in to post comments
- 31 views