নিউজ ডেস্ক :
গুৱাহাটী লোকসভা সমষ্টিত পুৱাৰ ভাগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইয়ে।গোহাঁইয়ে ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে।তেওঁৰ মতে বিজেপি দলে কেব গৃহীত কৰি এন আৰ চিৰ উদ্দেশ্য ব্যাহত কৰিব বিচাৰিছে। ছয় বছৰীয়া অসম আন্দোলন পাছত খিলঞ্জীয়া অসমীয়াৰ স্বকীয়তা ৰক্ষাৰ কৰাৰ লগতে ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে বাস্তৱসন্মত ভাবে উন্নীতকৰনৰ ব্যৱস্থা কৰা হৈছিল এনআৰচিৰ ।সমগ্ৰ দেশৰ ভিতৰত প্ৰথম অসমতে আৰম্ভ কৰা হৈছিল এনআৰচি উন্নীতকৰণৰ কাম।যিসকল ব্যক্তিয়ে এদিন কেবক লৈ আন্দোলন কৰিছিল সেই সকলে আজি কেবৰ সমৰ্থন কৰিছে।লগতে তাপয্যপূৰ্ণ ভাবে তেওঁ কয় যে আজি অসমৰ পৰাই বিজেপিয়ে চেষ্টা কৰিছে এন আৰ চি প্ৰক্রিয়া ব্যাহত কৰাৰ বাবে।
আনহাতে তেওঁ কয় কেবৰ উদ্দেশ্য হৈছে বাহিৰৰ কিছুসংখ্যক ব্যক্তিক আনি বিশেষকৈ বাংলাদেশী হিন্দু আনি অসমত অসমীয়াৰ অস্তিত্বৰ আৰু স্বকীয়তা ব্যাহত কৰা।ৰাইজক উদেশ্য কৰি ভোটকেন্দ্ৰৰ পৰাই বিশিষ্ট বুদ্ধিজীৱী গৰাকীয়ে পুনৰ কয় যে এন আৰ চিৰ আগতে কেব গৃহীত কৰিম বুলি কওঁতে ৰাইজে বুজি পোৱা উচিত বিজেপিৰ প্ৰকৃত স্বৰূপ।
আনহাতে ডক্টৰ গোঁহাইক সাংবাদিকে প্ৰশ্ন কৰে যে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ বাবে যি নিৰ্দিষ্ট দিন ধৰ্য্য কৰি থৈছে যদি বিজেপি দলে কেবৰ স্বাৰ্থত এন আৰ চিৰ শুনানিৰ দিনো পিছুৱাব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় বিজেপি দলটো এনেকুৱা এটা ৰাজনৈতিক দল যিটো দলে আইন-কানুন একো নামানে। দেশৰ আইন-কানুন তেওঁলোকৰ মতে কৰিব বিচাৰিছে।অৰ্থাৎ আইন বিৰোধী চৈৰাচাৰী চৰকাৰ হৈছে বিজেপি বুলিও অভিহিত কৰে ডক্টৰ কৰি ডঃ গোহাঁয়ে বিজেপিৰ বাবে সকলো সম্ভৱ বুলি কয়।
আনহাতে ভোটদানৰ সম্পৰ্কত ৰাইজক উদেশ্য কৰি 'নটা' আৰু নিৰ্দলীয়া প্ৰাৰ্থীক ভোটদি নিজৰ ভোটতো নষ্ট নকৰিবলৈ আহ্বান জনায়।এতিয়া দেশৰ ডাঙৰ বিপদ।এই বিপদৰ সময়ত প্ৰত্যেকজন নাগৰিকে নিজৰ দায়িত্ব পালন কৰিব লাগে বুলি আহ্বান জনায়।তেওঁ নিৰ্দলীয়া প্ৰাৰ্থীৰ প্ৰসঙ্গ উথাপন কৰি কয় নিৰ্দলীয় প্ৰাৰ্থীৰ কোনো কাম নাই। সদনত যেতিয়া গুৰুত্বপূৰ্ণ প্ৰসংগ উথাপন হয় সেই সময়ত নিৰ্দলীয়া প্ৰাৰ্থীয়ে যিকোনো এটা পক্ষ গ্ৰহণ কৰিব লগা হয়।অৰ্থাৎ ভোটদানৰ সময়ত তেওঁ এটা পক্ষত থাকি ভোট দিব লাগে বুলি উল্লেখ কৰে।
- Log in to post comments
- 31 views