নিৰ্বাচন আয়োগে ভোটাৰ লিষ্ট ঘৰে ঘৰে দিয়া ব্যৱস্থাই স্বতন্ত্ৰতা আনিছে নিৰ্বাচন প্ৰক্ৰিয়াত :উপমন্যু হাজৰিকা

upamannu

নিউজ ডেস্ক :

সাধাৰণ ৰাইজৰ শাৰীত থিয় হৈ পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ নিৰ্দলীয়া প্ৰাৰ্থী উপমন্যু হাজৰিকাই। হাজৰিকাই গুৱাহাটীৰ ১২৭ নম্বৰ উজান বজাৰ শিশু বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰি নিৰ্বাচন আয়োগে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছে তাক ধন্যবাদ জনাই।আনহাতে নিৰ্বাচন আয়োগে এইবাৰ প্ৰতিগৰাকীৰ ভোটাৰৰ বাবে ভোটাৰ লিষ্ট ঘৰে ঘৰে দিয়াৰ যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাক তেওঁ শলাগ লয়।তেওঁ কয় নিৰ্বাচন আয়োগে এই ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰাৰ্থী সকলে এইবাৰ ঘৰে ঘৰে গৈ ভোটাৰ তালিকা বিলাব লগা হোৱা নাই।ফলত স্বতন্ত্ৰতা আহিছে নিৰ্বাচনৰ প্ৰক্ৰিয়াত।

আনহাতে পুৱা পৰা ৰাইজৰ দীঘলীয়া শাৰী দেখি তেওঁ কয় ৰাইজ এইদৰে ওলাই অহাটো গণতন্ত্ৰৰ বাবে এটা ভাল সংকেত। ইফালে প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ পৰা পূৰ্ণ সঁহাৰি পোৱা বুলিও উল্লেখ কৰে।

উল্লেখ যে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গৰাকীৰ সৈতে মাতৃয়েও সাব্যস্ত কৰে ভোটাধিকাৰ।

Your Comments