নিউজ ডেস্ক :
গুৱাহাটীৰ লোকসভাৰ সমষ্টিত পুৱাভাগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাই।লাচিত নগৰৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতেই ডেকাই অভিযোগ কৰি কয় যে ব্যাপক খেলি-মেলিৰ মাজেৰে অনুষ্ঠিত হৈছে তৃতীয় পয্যায়ৰ এই ভোটগ্ৰহন প্ৰক্ৰিয়া। ভোটাধিকাৰ সাব্যস্ত কৰিব গৈ সন্মুখীন হোৱা পৰিস্থিতিৰ বৰ্ণনা কৰি প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত কয় যে ভোট দানৰ বাবে বুটাম টিপিলোঁ বেলেগত আৰু ভোট পৰিল বেলেগত'। ডেকাই এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ ওপৰত তীব্ৰ ক্ষোভ ব্যক্ত কৰে।
ইফালে লাচিত নগৰৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱা বুলিও অভিযোগ
- Log in to post comments
- 133 views