বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী কনিষ্টবল নিহত

durghatna

বঙাইগাঁওঃ ২২ এপ্ৰিলঃ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকীঝাৰৰ ৰাষ্ট্ৰীয় ঘাই পথত আজি পুৱা সংঘটিত এক পথ দুৰ্ঘটনাত আৰক্ষী বিভাগৰ এজন কনিষ্টবল নিহত হয় ৷ নিহত কনিষ্টবলজন অসীমজ্যোতি দাস ( ৩০) বুলি চিনাক্ত কৰা হয় ৷ অসীমজ্যোতি দাসৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনা সন্দৰ্ভত বঙাইগাঁৱৰ যান - বাহন শাখাৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে  আৰক্ষীৰ এ পি আৰ অ বিভাগৰ কনিষ্টবল হিচাপে বঙাইগাঁৱত কৰ্মৰত অসীমজ্যোতি দাসে আজি পুৱা নিজৰ কৰ্তব্যহেতু এজন লগৰীয়াৰে সৈতে বৰপেটাৰ পৰা এ এচ ১৫ কে ৩৭৯০ নম্বৰৰ মটৰ চাইকেলেৰে বঙাইগাঁওলৈ আহি থকা অৱস্থাত ৰাখালডুবিৰ নিকটৱৰ্তী ডাউকীঝাৰত পথৰ মাজৰ ডিভাইডাৰত খুন্দা মৰাত ঘটনাস্থলীতে অসীমজ্যোতি দাসৰ মৃত্যু হয় ৷durgtna

দুৰ্ঘটনাটো পুৱা প্ৰায় ৫ মান বজাত সংঘটিত হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই যান - বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰভাৱে পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যান- বাহন শাখাৰ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে মৃত অসীমজ্যোতি  দাসে পুৱা ৩ঃ৩০ মান বজাতে নিজৰ ঘৰৰ পৰা বঙাইগাঁওলৈ ৰাওনা হৈছিল আৰু লগত আন এজন লগৰীয়াও আছিল ৷ কিন্তু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত লগৰীয়াজনৰ কোনো খবৰ পোৱা

Your Comments