ৱাহিদুদ জামান, নগাঁও, ২২ এপ্ৰিল : নগাঁৱস্থ অষ্টম বেটেলিয়ন ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী(এন চি চি)ৰ উদ্যোগত আজি বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। তদুপলক্ষে নগাঁও আৰক্ষী নিৱেশ চৌহদত অনুষ্ঠিত হয় এক সজাগতা সভা। নগাঁও চহৰৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক কেডেটে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত এন চি চিৰ কমাণ্ডিং বিষয়া কৰ্ণেল বিনয় মালহোত্ৰাই পৰিৱেশ সংৰক্ষণৰ ওপৰত বক্তব্য ৰখাৰ লগতে উপস্থিত ৰাইজক শপত বাক্য পাঠ কৰায়।
দিৱসৰ লগত সংগতি ৰাখি এন চি চি কেডেট সকলৰ মাজত শ্লোগান লিখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ওপৰিও বৃক্ষ ৰোপণ কৰা হয়। পিছত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য নগাঁও চহৰত এক শোভাযাত্ৰা বাহিৰ কৰা হয়। ইপিনে, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়তো বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে বৃক্ষ ৰোপন আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত অধ্যক্ষ দীপিকা লস্কৰ, উপাধ্যক্ষ গুনেন্দ্ৰ চক্ৰৱৰ্তী, এন চি চি বিষয়া ছাইফুল ইছলাম আদিকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী সকল অংশগ্ৰহণ কৰে।
আনহাতে, অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাৰ উদ্যোগতো দিনযোৰা কাৰ্যসূচীৰে ধৰিত্ৰী দিৱসটি উদযাপন কৰা হয়। তদুপলক্ষে সমিতিৰ সাধাৰণ সম্পাদক ড: ভূপেন চন্দ্ৰ চুতীয়াই আত ধৰি সজাগতা সভাত নগাঁও জিলা বন বিভাগৰ সহকাৰী বন সংৰক্ষক শান্তনু বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়েও ভাষণ দিয়ে। দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয় চৌহদত এশ জোপা বৃক্ষ ৰোপণ কৰা হয়।
ৱাহিদুদ জামান( নগাঁও)
- Log in to post comments
- 41 views