চেনিমাৰীত এসপ্তাহ ধৰি নাই বিদ্যুৎ,ভোটকেন্দ্ৰতো ব্যাহত বিদ্যুৎ সেৱা

senga

চেঙাৰ পৰা সুৰজিৎ পাঠক  ,২২ এপ্ৰিল:  বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত চেনিমাৰীত আজি পুৱা বিদ্যুৎ বিভাগৰ কৰ্মকাণ্ডক লৈ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই আজি এক সপ্তাহ ধৰি অন্ধকাৰত বুৰ গৈ আছে সমগ্ৰ অঞ্চল । যোৱা সপ্তাহত ৰাজ্যজুৰি হৈ যোৱা প্ৰৱল  ধুমুহাত গছ-গছনিৰ লগতে বিদ্যুতৰ খুঁটা ভাঙি তাঁৰ ছিঙি  পৰিছিল ।

ৰাইজে বিদ্যুৎ বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই অকৰ্মণ্য বিভাগটোৱে । ফলত বিপদজনকভাৱে  পৰি আছে বিদ্যুতৰ খুঁটা আৰু বিদ্যুৎ পৰিবাহী তাঁৰ। আজি পুৱা বিদ্যুৎ বিভাগৰ ওপৰত খৰ্গহস্ত হৈ পৰে চেনিমাৰীৰ ৰাইজ।বিদ্যুৎ বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰে স্থানীয় ৰাইজে ।

 ২৪ ঘন্টাৰ ভিতৰত বিদ্যুতৰ ভঙা খুঁটা সলনি কৰি বিদ্যুৎ সংযোগ দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় । আনহাতে লক্ষ্যণীয় যে কাইলৈ অনুষ্ঠিত হ'বলগীয়া  লোকসভা নিৰ্বাচনৰ দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰতো নাই বিদ্যুৎ সংযোগ । বিদ্যুতৰ খুঁটা ভঙাৰ বাবে সংযোগ নিচিহ্ন হৈছে ভোটগ্ৰহণ কেন্দ্ৰৰ। চেনিমাৰী আজাদ মেমোৰিয়েল হাইস্কুলত আছে ভোটগ্ৰহণ কেন্দ্ৰ দুটা । এই ক্ষেত্ৰত বিদ্যুৎ বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ।

Your Comments