দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ
পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জীয়াকুৰ গাঁৱত কলহী নদীত গা ধুবলৈ গৈ ৩ গৰাকী ছাত্রীৰ সলিল সমাধি ঘটে।প্ৰায় ২ ঘণ্টা ধৰি এছডিআৰএফ-এ চলোৱা অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় ছাত্ৰীকেইগৰাকীৰ মৃতদেহ। ছাত্রীকেইগৰাকীৰ নাম ক্ৰমে প্ৰীতি কলিতা,মৌচুমী কলিতা আৰু ৰিংকি কলিতা।
উল্লেখযোগ্য যে প্ৰীতি কলিতাৰ ঘৰ উক্ত ঠাইতে হোৱাৰ বিপৰীতে বাকী দুগৰাকী ছাত্রীয়ে মোমায়েকৰ ঘৰলৈ বিহু চাবলৈ অহা বুলি জানিব পৰা গৈছে।ছাত্রীকেইগৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

- Log in to post comments
- 62 views