দক্ষিণ নগাঁৱত চলিছে শিলৰ অবৈধ ছিণ্ডিকেট:চকু মুদা কুলি বন বিভাগ

aboidh

বিশেষ সংবাদাতা,কামপুৰ

দক্ষিণ নগাঁৱত চালানবিহীন ডাম্পাৰৰ দৌৰাত্ম চলিছে। দৈনিক বন বিভাগৰ চকুৰ সন্মুখেৰে চালানবিহীনভাৱে চলাচল কৰে ২০/২৫ খন ৰাবিজভৰ্তি  ডাম্পাৰ ৷ কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ ৷সোমবাৰে বকুলগুৰিৰ স্থানীয় ৰাইজে জব্দ কৰে বহুকেইখন অবৈধ ৰাবিজ ভৰ্তি ডাম্পাৰ ৷ইফালে,ভিডিঅ' সংগ্ৰহ কৰা সাংবাদিকক ভাবুকি দিয়ে চালকে।চালকে  মন্তব্য কৰে- লোকেলত চালান লাগে নেকি? ডবকাৰ ভেলৌগুৰিৰ শিলৰ কোৱেৰীসমূহৰ পৰা ৰাবিজসমূহ একাংশ মাফিয়াই বন বিভাগৰে গোপন মিতিৰালি কৰি চালানবিহীনভাৱে অধিক বোজাই কৰি দৈনিক চলাই গৈছে এই অবৈধ ব্যৱসায়bali


নগাঁও আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী মদাৰতলী আৰু ভেলেউগুৰী অঞ্চলত চলিছে অবৈধ শিলৰ চিণ্ডিকেট। বনকৰ্মীৰ তালাচীৰ মাজৰে ৰহস্যজনকভাৱে এই অঞ্চল দুটাত থকা শিলৰ চাৰিটা কোৱেৰীৰ পৰা দৈনিক চালানবিহীনভাৱে দক্ষিণ নগাঁৱৰ বিভিন্ন অঞ্চললৈ শিল, ৰাবিচ নিয়া হয় ।জানিব পৰা মতে কোৱেৰীসমূহৰ পৰা শিল, ৰাবিচ নিওতে প্ৰতিখন ট্ৰাক আৰু ডাম্পাৰক চালান দিব লাগে যদিও চাৰিওটা শিলৰ কোৱেৰীৰ মালিকে পৰ্যাপ্ত চালান নিদিয়ে ।উল্লেখ্য যে বিভিন্ন সময়ত ৰাইজে আৰু নগাঁও জিলাৰ বন সুৰক্ষাবাহিনীয়ে এই অবৈধ ডাম্পাৰ আৰু ট্ৰাক জব্দ কৰিছে যদিও একাংশ বনকৰ্মীৰ প্ৰত্যক্ষ সহযোগৰে দক্ষিণ নগাঁৱত শিল-বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে ।

সোমবাৰে কামপুৰৰ বকুলগুৰিত স্থানীয় ৰাইজে যিকেইখন অবৈধভাৱে ৰাবিচ কঢ়িয়াই অনা  ডাম্পাৰ জব্দ কৰে,সেইকেইখনে বকুলগুৰি চিমলাই পথাৰত নিৰ্মাণ হৈ থকা পথত যোগান ধৰিবৰ বাবে আনিছিল ৰাবিজসমূহ ৷ ডাম্পাৰসমূহৰ নম্বৰবোৰ হৈছে- OD-09G0919, OD-09G0914, OM-17F2182, AS-09AC7118।

Your Comments