বেবেজীয়াৰ  বিষ্ণু মন্দিৰত  ভাগৱত  পাঠৰ  সামৰণি

vagabat

নগাঁৱৰ  পৰা  ঋতু  পৰ্ণ  শৰ্মা,21 এপ্ৰিল

নগাঁও  জিলাৰ  বেবেজীয়া চাৰিআলিস্থিত  সাৰ্বজনীন বিষ্ণু মন্দিৰত  যোৱা 19 এপ্ৰিলৰ  পৰা  আয়োজিত  22 সংখ্যক বাৰ্ষিক  অখণ্ড ভাগৱত  পাঠৰ  আজি (ৰবিবাৰে) সামৰণি  পৰে ।বেবেজীয়া  চাৰিআলি  
সাৰ্বজনীন  আঞ্চলিক বিষ্ণু
মন্দিৰ পৰিচালনা  সমিতিৰ  উদ্যোগত বিশ্ব শান্তিৰ বাবে  আয়োজিত ভাগৱত  পাঠৰ  কাৰ্যসূচী অনুসৰি  19 এপ্ৰিলত পুৱা ধৰ্মধ্বজা  উত্তোলন  কৰে  মন্দিৰ  পৰিচালনা  সমিতিৰ  সভাপতি  পোনাৰাম  বৰাই  আৰু  প্ৰয়াত সদস্যসকলৰ  সোঁৱৰণত  স্মৃতি তৰ্পণ  কৰে  সমাজকৰ্মী  তোষেশ্বৰ  শৰ্মাই  । ইয়াৰ  পাছতে  গোপাল  বৰাৰ  দ্বাৰা  ভাগৱত আদৰণি-স্থাপন-মূল বন্তি  প্ৰজ্বলন কৰা  হয় ।

bihu দুপৰীয়া খোল-নাম প্ৰসংগৰ  অন্তত ভাগৱত পাঠৰ  শুভাৰম্ভ কৰে  গোপাল বৰাই । তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত  ভাগৱত  পাঠত  খাটগুৰিৰ  বিনন্দ চন্দ্ৰ  বৰদলৈ, বেবেজীয়াৰ  অনন্ত  হাজৰিকা, নাৰায়ণ  হাজৰিকা, পূৰ্ণ বৰা, দীপক বৰা, টোকোলাই  বেবেজীয়াৰ মুনীন্দ্ৰ  নাথ, কামপুৰৰ  যাদৱ  শইকীয়া,
তন্তু  ৰাজখোৱা, বিমল ৰাজখোৱা,মোহন নাথ, ভৱানন্দ  বৰদলৈ আৰু কোঁচৰ  গাঁৱৰ  দীলিপ হাজৰিকাই  পাঠ  আগবঢ়ায় । আজি  দুপৰীয়া  ভাগৱত পাঠৰ  অন্তত  ভাগৱত  ভ্ৰমণ  কৰা  হয়  । উল্লেখযোগ্য যে ভাগৱত  পাঠৰ  সমূহ  কাৰ্য্যসূচীৰ  আঁত ধৰে  উপদেষ্টা  বাণী কান্ত  শৰ্মা  আৰু  পাঠ পৰিচালনা কৰে
 তোষেশ্বৰ  শৰ্মা, হৰেশ্বৰ বৰা  আৰু  পোনাৰাম  বৰাই ।

Your Comments