বইটামাৰীত কৃষক মুক্তিৰ বঙাইগাঁও জিলা সমিতিৰ অধিৱেশন সম্পন্ন 

বইটামাৰী , ২১ এপ্ৰিল :: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ বাৰ্ষিক অধিৱেশন আজি ব্যতিক্ৰমীভাৱে জিলাখনৰ নৰ্থ বইটামাৰীৰ দেৱানগাঁও স্থিত চৰকাৰী মুগা পাম চৌহদত নৈসৰ্গিক পৰিৱেশৰ মাজত অনুষ্ঠিত হয় । প্ৰথম কাৰ্যসূচী মৰ্মে , সংগঠনৰ পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়ে । ছহিদ তৰ্পন কৰে জিলা সমিতিৰ সম্পাদক নন্দন দেৱ নাথে ।

তাৰ পিছত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা সংগঠনৰ কৰ্মী তথা স্থানীয় ৰাইজৰ উপস্থিতিত এখন মুকলি সভা অনুষ্ঠিত হয় । জিলা সমিতিৰ সভাপতি মহীধৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাত গন মুক্তি সংগ্ৰাম সমিতিৰ আহবায়ক দ্বয় বেদান্ত লস্কৰ আৰু হুছেইন মাহমুদ ছাহজাহানৰ লগতে দিল্লী জে এন ইউ ৰ ছাত্ৰ নয়নজ্যোতি উপস্থিত থাকে ।

সভাত বঙাইগাঁও জিলাৰ তথা সাম্প্ৰতিক অসমৰ বিভিন্ন সমস্যা আৰু সংগঠনৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে । সভাৰ মাজতে বিহু নৃত্য পৰিৱেশন কৰে স্থানীয় শিৱজ্যোতি বিহু হুচৰি দলে । উল্লেখ্য যে , আজিৰ অধিৱেশনতে মহীধৰ ৰায়ক পুনৰ সভাপতি , ধাৰ্মিক সৰকাৰ আৰু যাদৱ ৰায় ক  উপ- সভাপতি ; নন্দন দেৱ নাথ ক পুনৰ সম্পাদক ; হিৰম্ব নাথ , তুলসী সূত্ৰধৰ আৰু আহাদ আলীক সহ:সম্পাদক হিচাপে লৈ বঙাইগাঁও জিলা সমিতি খন নতুনকৈ গঠন কৰে ।

Your Comments