চাপৰৰ পৰা ইমৰান আলম খান
৪নং ধুবুৰী লোকসভা সমষ্টিত প্ৰধানকৈ তিনিগৰাকী প্ৰাৰ্থীৰ প্ৰচাৰ তুংগত উঠিছে।কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে বিভিন্ন দল- সংগঠনৰ নেতৃবৃন্দ আৰু সমৰ্থকক লৈ ব্যাপক প্ৰচাৰ অভিযান চলাই আছে।
বুধবাৰে আবু তাহেৰ বেপাৰীয়ে বিলাসীপাৰা পূব সমষ্টিৰ চাপৰ, চৈবাৰী বহলপুৰ,ধীৰঘাট,টিলাপাৰা, সোনামুখীৰ লগতে সমষ্টিটোৰ অন্যান্য বহু ঠাইত সভা- সমিতি অনুষ্ঠিত কৰে।
কংগ্ৰেছৰ প্ৰচাৰ অভিযানত প্ৰাৰ্থীগৰাকীৰ লগত থাকে প্ৰাক্তন বিধায়িকা গুল আকটাৰা বেগম, ব্লক কংগ্ৰেছৰ সভাপতি আৰু প্ৰাক্তন সভাপতি ছোৰহাব আলী আহমেদ আৰু দিলীপ নাগ। শান্তি-সম্প্ৰীতি আৰু ধৰ্মনিৰপেক্ষৰ বাবে কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে আহ্বান জনায় ।
- Log in to post comments
- 41 views