নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা
বৃহস্পতিবাৰে অনুষ্ঠিত ১০ নং নগাঁও সংসদীয় লোকসভা নিৰ্বাচনত সামগ্ৰিক ভোটদানৰ হাৰ আছিল ৮৩.২২ শতাংশ ।নগাঁও জিলা জনসংযোগ বিভাগে জনোৱা তথ্য মতে, নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ ৯ টা বিধানসভা সমষ্টিৰে গঠিত নগাঁও সংসদীয় সমষ্টিত এইবাৰ পূৰ্বতকৈ ভোটদানৰ হাৰ বৃদ্ধি পাইছে ।
সেই অনুসৰি সংসদীয় সমষ্টিটটোৰ অন্তৰ্গত নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিত ৮৩.৬৯%,নগাঁও সদৰ সমষ্টিত৮২.৪৯%আৰু বঢ়মপুৰ সমষ্টিত ৭৯.৭৫%, মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিত ৮১.৮৭%, মৰিগাঁও সদৰ সমষ্টিত ৮০.৮০% আৰু লাহৰীঘাট সমষ্টিত ৮৫.২৩% তথা হোজাই জিলাৰ যমুনামুখ সমষ্টিত ৮৪.৫৩%, হোজাই সদৰ সমষ্টিত ৮৫.৬২% আৰু লামডিং সমষ্টিত ৮৪.০৫ শতাংশ ভোটদান হয়।
বৃহস্পতিবাৰৰ এই নিৰ্বাচনত সংসদীয় সমষ্টিটোৰ অন্তৰ্গত হোজাইত সৰ্বাধিক ৮৫.৬২% হোৱাৰ বিপৰীতে বঢ়মপুৰত সৰ্বনিম্ন ৭৯.৭৫ % ভোটদান হয়।
- Log in to post comments
- 36 views