গাৰুখুন্দা পঞ্চায়তত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ প্ৰতিবাদ

গাৰুখুন্দা পঞ্চায়তত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ প্ৰতিবাদ

চৰকাৰ পৰিৱৰ্তন হ'ল | হৈ আছে পৰিৱৰ্তন পঞ্চায়ত প্ৰতিনিধিৰ আৰু একাংশ দালালৰ । কিন্ত পৰিৱৰ্তন হোৱা নাই পথৰ দুৰৱস্থাৰ | স্বাধীনতাৰ ৭০ বছৰৰ পাছতো চৰকাৰৰ সুদৃষ্টি পৰা নাই ৰহা সমষ্টিৰ কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাৰুখুন্দা পঞ্চায়তৰ পথাৰসদৃশ কেঁচা পথসমুহত | যাৰবাবে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদত নামিল পশ্চিম কাৱৈমাৰীৰ ৰাইজ ।

গ্ৰামাঞ্চলৰ পথাৰত শাওণ মাহত সততে দেখা দৃশ্য দেখা গ'ল এটা ৰাজপথত । দৃশ্যটো হ'ল কামপুৰৰ পশ্চিম কাৱৈমাৰী ৰাইজে কৰা এক প্ৰতিবাদৰ দৃশ্য । উল্লেখ্য যে নগাঁও জিলাৰ কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাৰুখুন্দা পঞ্চায়তৰ ৮নং ৱাৰ্ডৰ ৰাইজে যাতায়াতত তীব্ৰ সমস্যাত পৰিছে । কিয়নো কামপুৰ-যমুনামুখ পথৰ পৰা কচুৱা সংযোগী পথছোৱাৰ একাঁঠু বোকাৰ মাজত ৰাইজে যাতায়াত কৰাৰ পিছতো কাণসাৰ নাই স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস তথা স্থানীয় পঞ্চায়তৰ ।

বিগত বৰ্ষত ৰহা সমষ্টীৰ বিধায়কজনে এনৰেগা আঁচনিত নিৰ্মাণ হৈ থকা পথটোৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এজন স্থানীয় ঠিকাদাৰৰূপী বিজেপি দালালে পথটোৰ কাম কৰিছিল । কিন্ত আজিকোপতি পথটো নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ লগতে শ্ৰমিকসকলকো মজুৰি আদায় নিদিয়াৰ অভিযোগ উঠিছে ।

Your Comments