ভাৰতত নিবনুৱা সমস্যাই এক জটিল ৰূপ ধাৰণ কৰাৰ সময়ত সংসদত ওলাই পৰিল এখন ভয়াৱহ ছবি । ব্যাপক হাৰত কৰ্মসংস্থাপনৰ সপোন দেখুওৱা মোডী চৰকাৰে যে বাস্তৱত প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই সেই সত্যও পোহৰলৈ আহি ৷ সংসদত প্ৰকাশ পোৱা তথ্যমতে ভাৰতৰ বুনিয়াদী বিদ্যালয়সমূহত ৯ লাখ, মাধ্যমিক বিদ্যালয়ত ১.১ লাখ শিক্ষকৰ পদ, আৰক্ষী বিভাগত ৫.৪ লাখ পদ খালী হৈ আছে ।
ৰে'ল বিভাগত খালী পদ আছে ২.৪ লাখ । প্ৰতিৰক্ষা সেৱা আৰু অৰ্ধসামৰিক বাহিনীত আছে ১.২ লাখ । ৰে'ল বিভাগত অৰাজপত্ৰিত কৰ্মচাৰীৰ খালী পদ আছে ২.৫ লাখ । অংগনবাড়ী কৰ্মী ২.২ লাখ, স্বাস্হ্য কেন্দ্ৰত ১.৫ লাখ, সশস্ত্ৰ বাহিনীত ৬২,০৮৪, অৰ্ধসামৰিক বাহিনীত ৬১,৫০৯, ডাক বিভাগত ৫৪,২৬৩, এইমছত ২১,৭৪০, উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত ১২,০২০ আৰু আদালতত ৫,৮৫৩টা পদ খালী হৈ আছে ।
এই ২৪ লাখ খালী পদ পূৰণ কৰিলেও দেশৰ নিবনুৱাসকলে সকাহ পালেহেঁতেন । দেশৰ চৰকাৰৰ নিবনুৱাসকলৰ প্ৰতি সহযোগিতা নাই নে দেশৰ বিত্তীয় দিশটো দেৱলীয়া, সেইটোহে ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।
- Log in to post comments
- 30 views