নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত জানিগোগত মঙলবাৰে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি,অগপ আৰু বিপিএফ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ সমৰ্থনত এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় । নলবাৰী জিলা বিজেপিৰ উপ- সভাপতি অপূৰ্ব শৰ্মাই আঁত ধৰা সভাৰ আদৰণি ভাষন প্ৰদাণ কৰে জিলা সভাপতি বনদ্বীপ ডেকাই। সভাত ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল,বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্ত, প্ৰভাৰী ৰাতুল শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী,স্থানীয় জিলা পৰিষদৰ সদস্য বিৰাজ মেধি, জিলা উপ-সভানেত্ৰী আৰতি বৈশ্য,সাধাৰণ সম্পাদক অঞ্জন শৰ্মা,সম্পাদক দিলজিৎ বৰ্মন, তৌফিকুল হক চৌধুৰী, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত,যুৱ নেতা কিশোৰ কলিতা, অগপৰ ৰাজ্যিক মুখপাত্ৰ গুণমণি ভূঞা,জিলা সভাপতি আনন্দ ৰাজবংশী,সম্পাদক কেশৱ ডেকাসহ দহ সহস্ৰাধিক জনতা উপস্থিত থাকে ।
সভাত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষন প্ৰসংগত কয় যে অসমত এতিয়া বিকাশৰ এক যজ্ঞ আৰম্ভ হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'সবকা সাথ, সবকা বিকাশ'ৰ আধাৰত।কিন্তু দেশত কংগ্ৰেছে ৫৫ বছৰে শাসন চলাইছিল যদিও ৰাইজে কোনো উন্নয়ন-বিকাশৰ সুফল নাপালে।বিজেপি চৰকাৰে নাগৰিকৰ কল্যাণৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে।সম্প্ৰতি বাট-পথৰ কাম তীব্ৰ গতিত চলি আছে।প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে কয় যে পুলুৱামাত সন্ত্ৰাসবাদীক প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰে উচিত শিক্ষা দিছিল যদিও মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কংগ্ৰেছ চৰকাৰ তথা পূৰ্বৰ প্ৰধানমন্ত্ৰীয়ে প্ৰত্যুত্তৰ দিব নোৱাৰি পিছুৱাই আহিছিল।এনে কথাবোৰ বিবেচনা কৰি মন্ত্ৰীগৰাকীয়ে দিলীপ শইকীয়াক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায়।সভাত
বিধায়ক অশোক শৰ্মাই ভাষনপ্ৰসংগত কয় যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া প্ৰতাৰণাৰ উত্তৰ দিয়াৰ সময় এয়া । সম্প্ৰতি ভাৰতবৰ্ষত বিজেপিৰ বিকল্প নাই বুলি দোহাৰি বিধায়কগৰাকীয়ে মঙলদৈ সমষ্টিত দিলীপ শইকীয়াৰ জয় নিশ্চিত বুলি মন্তব্য কৰে।ইয়াৰ পূৰ্বে অঞ্চলটোৰ প্ৰায় ১৫ গৰাকী কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰে।
- Log in to post comments
- 8 views