অগপ-বিজেপিৰ মিত্ৰতাৰ বিৰোধিতাৰে প্ৰাক্তন অগপ মন্ত্ৰী বুবুল দাসৰ কংগ্ৰেছত যোগদান

join

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

নাগৰিকত্ব সংশোধনী বিধেয়ক বলৱৎ কৰিবলৈ বদ্ধপৰিকৰ বিজেপি দলৰে অশুভ মিত্ৰতা কৰি অসমীয়া জাতিৰ অস্তিত্ব বিলুপ্তি কৰিব বিচৰা অগপ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ অগপৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী বুবুল দাসে সোমবাৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে জিলা অগপৰ সভাপতি আৰু সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰিছিল।  আজি তেওঁ কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰা ঘটনাই মৰিগাঁও জিলা অগপত মোক্ষম আঘাত হানিছে। অগপ দলৰ সভাপতি অতুল বৰালৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত সদ্য পদত্যাগী মৰিগাঁও জিলা অগপৰ সভাপতি বুবুল দাসে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। সংবাদমেলত জিলা অগপৰ সভাপতি বুবুল দাসে পদত্যাগৰ একমাত্ৰ কাৰণ অগপৰ কেন্দ্ৰীয় নেতৃত্বই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আনিমেই বুলি দম্ভালি মৰা বিজেপিৰে কৰা মিত্ৰতা। দলৰ সাধাৰণ সভা অথবা কাৰ্যনিৰ্বাহ সভাৰ অনুমোদন নোহোৱাকৈ দলৰ কেইজনমান নেতাই একপক্ষীয়ভাৱে বিজেপিৰে মিত্ৰতা কৰি দলৰ সকলো পৰম্পৰা আৰু গণতন্ত্ৰক কবৰ দিছে তেওঁ উল্লেখ কৰে।দলৰ তৃণমূল নেতা- কৰ্মীৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰি কৰা এই মিত্ৰতা দলৰ কোনো নিষ্ঠাৱান কৰ্মীয়ে গ্ৰহণ নকৰে বুলি তেওঁ কয়। 


অগপৰ প্ৰতিষ্ঠাকালৰে পৰা দলটোক অতি নিষ্ঠাৰে সেৱা আগবঢ়াই অহা বুলি মন্তব্য কৰি প্ৰাক্তন মন্ত্ৰীজনে কয় অগপ নেতৃত্বই বিজেপিৰ সৈতে কৰা এই মিত্ৰতাই মৰিগাঁও জিলাৰ গৰিষ্ঠসংখ্যক কৰ্মীকে তীব্ৰ অসন্তুষ্ট কৰি ৰাখিছে।ফলত শীঘ্ৰেই গৰিষ্ঠসংখ্যক কৰ্মীয়েই দলত্যাগ কৰিব। মৰিগাঁও জিলাৰ জাগীৰোড বিধান সভা সমষ্টিৰ ২৮ খন আঞ্চলিক সমিতিয়ে এই মিত্ৰতাৰ বিৰোধ কৰি ইতিমধ্যে মিত্ৰদলৰ প্ৰাৰ্থীক ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বুবুল দাসে মন্তব্য কৰে।
     
মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত নেলীত আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছত  যোগদান কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী বুবুল দাসে।মৰিগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী জোনজোনালী বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য আদি কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে অগপৰ প্ৰাক্তন মন্ত্ৰী বুবুল দাসে। প্ৰাক্তন মন্ত্ৰী বুবুল দাসৰ কংগ্ৰেছ গমন মৰিগাঁও জিলা অগপত এক মোক্ষম আঘাত হিচাপে চিহ্নিত হোৱাৰ লগতে শাসকীয় বিজেপি দলকো চিন্তিত কৰি তুলিছে।

Your Comments