জালাহৰ পৰা গুঞ্জন দাস
"বিটিএডি অঞ্চলত এতিয়া আৰু বড়ো-অবড়ো বুলি কোনো পাৰ্থক্য নাই। অবড়োৰ প্ৰেক্ষপিত প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই ৰাইজক প্ৰতাৰণা কৰিছে।সেয়ে অসমীয়াৰাইজ বিপিএফৰ লগত আছে।" - বাক্সাৰ শিলবাৰীত বিপিএফৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত সাংবাদিকৰে হোৱা এক সাক্ষাতকাৰত এই বক্তব্য দিয়ে ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে।
লোকসভা নিৰ্বাচনত ৰাজ্যৰ চৌপাশ নিৰ্বাচনৰ বতাহে চুই গৈছে। ইয়াৰ ব্যতিক্ৰম নহয় ৫ নং কোকৰাঝাৰ লোকসভা (জনজাতি) সমষ্টিয়ো। যোৱাকালি শিমলা আৰক্ষী থানাৰ অন্তৰ্গত শিলবাৰীত বিপিএফ দলৰ এখন নিৰ্বাচনী সভাত বহুকেইজন নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে। শিলবাৰী ভিচিডিচিৰ চেয়াৰমেন ৰাতুল ঠাকুৰীয়াৰ ভাষণেৰে আৰম্ভ হোৱা সভাখন আঁত ধৰে মুছলপুৰ জিলা বিপিএফৰ সম্পাদক হাংখ্ৰাই উজীৰে। উল্লেখযোগ্য যে সভাখনত যুৱ বিপিএফৰ অনিল দৈমাৰী, অবড়োৰ পৰা অহা নেতা যাদৱ দাস, বিপিএফৰ শিলবাৰী নিৰ্বাচনী কমিটীৰ সভাপতি প্ৰফুন্ন গয়াৰী, সম্পাদক গোবিন্দ ৰয়, চাপাগুৰি বিপিএফ নিৰ্বাচনী সমিতিৰ সম্পাদক ঘনশ্যাম শৰ্মাকে ধৰি বহু নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে
- Log in to post comments
- 3 views