হাজোৰ পৰা কমলাকান্ত দাসৰ প্ৰতিবেদন:
সমাগত লোকসভা নিৰ্ৱাচনক কেন্দ্ৰ কৰি গুৱাহাটী লোকসভাৰ অন্তৰ্গত হাজো বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ কাৰ্যসূচী তুংগত তোলাৰ সময়তে একাংশ নিৰ্দলীয় প্ৰাৰ্থীয়েও ব্যাপক কৰি তুলিছে প্ৰচাৰ অভিযান। আজি গুৱাহাটী লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়োৱা নিৰ্দলীয়া প্ৰাথী জোনমণি দেবী খাউণ্ডে বিভিন্ন অঞ্চলটোৰ বিভিন্ন ঠাইত প্ৰচাৰ চলায়।হাজোৰ ছাত্রশালী, বাগটা, ৰামদিয়া, দামপূৰ হাজোকে ধৰি কেইবাটাও ঠাইত মূকলি কৰে নিৰ্বাচনী কাৰ্যালয়।
- Log in to post comments
- 34 views